সমষ্টিবাসীৰ কাষলৈ গৈ ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ কাৰ্যকালত নগাঁও সদৰ সমষ্টিত ৰূপায়ন হোৱা বিভিন্ন উন্নয়ন মূলক কাম কাজৰ খতিয়ান দাঙি ধৰিলে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ হয়বৰগাঁও মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত আজি নগাঁও পৌৰসভাৰ ২০ নং মহলাৰ কুশল নগৰত ঘৰে ঘৰে উপস্থিত হৈ বিধায়ক শৰ্মাই ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে অভাৱ অভিযোগৰ বুজ লয় । আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি মিত্ৰজোটৰ চৰকাৰখনে ৰূপায়ণ কৰা উন্নয়ন মূলক কাম কাজ সম্পৰ্কত মহলাটোৰ বাসিন্দাসকলক বিধায়ক শৰ্মাই অৱগত কৰে।ইয়াৰ উপৰি বিগত দিনসমূহত বিধায়ক হিচাপে নগাঁও সদৰ সমষ্টিত কৰা উন্নয়ণ মূলক কাম-কাজ সম্পৰ্কত প্ৰস্তুত কৰি উলিওৱা উন্নয়নৰ খতিয়ান সম্পৰ্কত একোখনকৈ পত্ৰিকাও ৰাইজৰ মাজত বিতৰণ কৰে। নগাঁও সদৰ সমষ্টিৰ উন্নয়নত ৰাইজে আগবঢ়োৱা সহযোগিতাৰ শলাগ লোৱাৰ লগতে আগন্তুক দিনত এনেদৰে ৰাইজক সেৱা কৰাৰ সুযোগ প্ৰদান কৰিবলৈ বিধায়ক শৰ্মাই সমষ্টিবাসীক আহ্বান জনায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ক’ভিশ্বিল্ড ভেকছিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হ’ল উচ্চতম ন্যায়ালয়…
- আজি অসমৰ চাৰি লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ…
- পুৱা ৯ বজালৈ গুৱাহাটীত ভোটদানৰ হাৰ ১০.৩৮%…
- আজি ৰাজ্যৰ ৪ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ, পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ…
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…