ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি চৰকাৰৰ অনীহাক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে। বিশেষকৈ প্ৰাথমিক বিদ্যালয়ত আজিও প্ৰধান শিক্ষক পদ সৃষ্টি নকৰাটো আৰু সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকৰ গ্ৰেড পে ৮৭০০ টকা আদায় দিয়াৰ পাছত আকৌ ঘূৰাই লোৱাটো আশ্চৰ্যৰ বিষয়। এই দাবীত সন্মিলনীয়ে ২২ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন ঘেৰাও কাৰ্যসূচী ঘোষণা কৰিছে। এই সন্দৰ্ভত ৰাজ্যৰ সকলো বিধায়কক সৱিশেষ জ্ঞাত কৰিবলৈ স্মাৰক পত্ৰ প্ৰদানৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজি ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক পংকজ বড়া, জয়পুৰ শিক্ষাখণ্ডৰ সাংগঠনিক সভাপতি মুনিন গগৈ, জিলাৰ প্ৰাক্তন সভাপতি পদ্মেশ্বৰ ৰাইদিঙীয়াৰ নেতৃত্বত যোৱা এটি সঁজাতি দলে টিংখাঙৰ বিধায়ক বিমল বড়াক সাক্ষাৎ কৰি প্ৰাথমিক শিক্ষকৰ সমস্যাৰ সন্দৰ্ভত অৱগত কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। ২০১৯ চনৰ ৩০ ডিচেম্বৰত মুখ্যমন্ত্ৰীৰে হোৱা আলোচনাত প্ৰধান শিক্ষক পদ সৃষ্টিৰ বাবে শিক্ষা আৰু বিত্ত বিভাগক নিৰ্দেশনা সত্বেও আজিপৰ্যন্ত কাৰ্যকৰী নকৰি মুখ্যমন্ত্ৰীৰ আসনৰ গৰিমা ম্লান কৰিছে বুলি সন্মিলনীয়ে অভিযোগ ঊত্থাপন কৰিছে। শেহতীয়াকৈ সন্মিলনীৰ স’তে ৫ আৰু ১৪ নৱেম্বৰত শিক্ষামন্ত্ৰীৰ আলোচনাৰ অন্তত জ্যেষ্ঠ সহকাৰী শিক্ষকৰ পদটো প্ৰধান শিক্ষকৰ পদলৈ পদোন্নতি কৰাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও কোনো সময় সীমা নিৰ্দ্ধাৰণ নকৰাত সন্মিলনী সন্দিহান হৈ পৰিছে। স্মাৰক পত্ৰত দেশৰ কোনো ৰাজ্যতে নোহোৱা নোপোজা ঘটনা অসমৰ প্ৰাথমিক শিক্ষা বিভাগত সংঘটিত হৈছে বুলি এক গুৰুতৰ অভিযোগ কৰিছে। অসম চৰকাৰৰ কেবিনেট আৰু ৰাজ্যপালৰ দ্বাৰা অনুমোদিত সপ্তম দৰমহা বিধিক বিভাগে নসাৎ কৰিছে। দৰমহা বিধি অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকক গ্ৰেড পে ৮৭০০ টকা সোতৰ মাহে আদায় দিয়াৰ পাছত ৭৪০০ টকালৈ অৱনমিত কৰা হয়। উল্লেখ্য যে দৰমহা বিধিয়ে ৰাজ্য চৰকাৰৰ ৩১ বিভাগৰ কৰ্মচাৰীৰ গ্ৰেড পে বৃদ্ধি কৰিছিল আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰাথমিক শিক্ষকৰ গ্ৰেড পে আঁসোৱাহ নিৰাময় সমিতিৰ যোগে কৰ্তন কৰি চৰম প্ৰতাৰণা কৰিছে। এবাৰ আদায় দিয়াৰ পাছত পুনৰ কৰ্তন কৰি শিক্ষকসকলক বঞ্চিত কৰি ক্ষোভিত কৰি তুলিছে। এনে কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয় বুলি স্মাৰক পত্ৰত উল্লেখ কৰিছে। সন্মিলনীয়ে অতি সোনকালে ইয়াৰ কাৰ্যকৰীকৰণ কৰি প্ৰাথমিক শিক্ষকক ন্যায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে। অন্যথাই ২২ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰি শৈক্ষিক ক্ষেত্ৰ বাদ দি বিত্তীয় লেন দেন তথা তথ্য আদান-প্ৰদানৰ সকলো ধৰণৰ কাৰ্যৰ পৰা শিক্ষকসকল আঁতৰি থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে। উক্ত কাৰ্যসূচীৰ আগতেই বিভাগে প্ৰধান শিক্ষক পদ সৃষ্টি আৰু স্নাতক শিক্ষকৰ গ্ৰেড পে পুনৰ ঘূৰাই দিয়াৰ বাবে নিৰ্দেশনা জাৰি কৰি কাৰ্যকৰী কৰিবলৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আহ্বান জনাইছে। লগতে প্ৰাথমিক শিক্ষাৰ গতিশীলতাত কোনো জটিলতাৰ সৃষ্টি হ’লে প্ৰাথমিক শিক্ষক সমাজ জগৰীয়া নহ’ব বুলি সকীয়াই দিয়ে। এই সম্পৰ্কে সকলো বিধায়ক, শিক্ষা বিষয়া, মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক ইতিমধ্যে অৱগত কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী ৰূপায়নৰ বাবে ডিব্ৰুগড় জিলাৰ প্ৰাথমিক শিক্ষকসকললৈ আহ্বান জনাইছে ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পুষ্পধৰ তামুলী আৰু সম্পাদক পংকজ বড়াই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কেজৰিৱালৰ জামিন লাভে ইণ্ডিয়া জোঁটক শক্তিশালী কৰিব-ডাঃ ভবেন চৌধুৰী
- মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ
- ৰোকাখাতা-বানিয়াপাৰাত ৰঙালী বিহুৰ বিশাল সাংস্কৃতিক অনুষ্ঠান
- জুনত টীম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে সমাপ্ত হ’ব ৰাহুল দ্ৰাৱিড়ৰ কাৰ্যকাল…
- ল’ৰা-ছোৱালীক মোবাইল দিব লাগে, ক’লে বিল গেটছে! বিল গেটছৰ সন্তানে মোবাইল ব্যৱহাৰ কৰে নে…
- শুভ সপোনঃ সপোনত এই ৫ টা বস্তু দেখাটো অতি শুভ, ভাগ্য সলনি হ’ব…
- শেষ হোৱা চেম্পুৰ বটলত পানী ঢালি ব্যৱহাৰ কৰোঃ আজিও মধ্যবিত্তীয় জীৱন যাপন কৰে অভিনেতা বিজয় দেৱেৰাকোণ্ডাই…
- দুৰ্নীতি নিবাৰকৰ জালত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ছহৰ আলী শিকদাৰ…
- দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ জামিন, নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ অনুমতি!
- মেটা গালা ২০২৪ত পৰিধান কৰা ঈশা আম্বানীৰ পোছাক তৈয়াৰ কৰিবলৈ ১০ হাজাৰ ঘণ্টা সময় লাগিছিল…