ছাত্ৰ-ছাত্ৰীৰ মনত বিজ্ঞান মানসিকতা গঢ়ি তুলিব পাৰিলেহে সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ হব। শিশুৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে কঠীয়াতলী উন্নয়ন খণ্ডৰ অধীনস্হ উচ্চ,উচ্চতৰ মাধ্যমিকৰ লগতে মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ মাজত ২০০৮ বৰ্ষৰ পৰা বিজ্ঞান ভিত্তিক মডেল,চিত্ৰাঙ্কণ, আকষ্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাটাও পুৰষ্কাৰ পাবলৈ সক্ষম হৈছে। আজিও ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ মজিয়াত কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়, অনন্ত কন্দলী উচ্চ মাধ্যমিক, কঠীয়াতলী শংকৰদেৱ বিদ্যা নিকেতন, ডঃ এ কে আব্দুল কালাম একাডেমি, বিদ্যাজ্যোতি জতীয় বিদ্যালয়- নিজ কঠীয়াতলী, গ্ৰামীণ জুনিয়ৰ জাতীয় বিদ্যালয়- ৰাঙলুৰ দুশ শিক্ষাৰ্থীৰ মাজত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়। প্ৰতিযোগিতা উদ্বোধন কৰি মুখ্য অতিথি হিচাপে উপস্থিত থকা কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জিতেন্দ্ৰনাথ হাজৰিকাই বিজ্ঞানে বিশ্বত কেনেধৰণৰ অগ্ৰগতি সাধন কৰি আহিছে সেই বিষয়ে ব্যাখ্যা কৰে। বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক বাছেদ আলী আৰু আশা কিৰণৰ সভাপতি তথা সাংবাদিক ঘনকান্ত বৰাইও অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰাৰ ক্ষেত্ৰত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰতিযোগিতাসমূহৰ বিচাৰক হিচাপে উপস্থিত থকা ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞান শিক্ষক খগেন্দ্ৰনাথ বৰুৱা, আজিম উদ্দিন আহমেদ, অনন্ত কন্দলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক পৰাগ বৰবৰা, প্ৰধান শিক্ষক গুলজাৰ হোছেইন, শিক্ষয়িত্ৰী নাৰ্জিনা ৰহমান, ৰূপাঞ্জলী দেৱী, বিতুমনি নাথ, প্ৰধান শিক্ষক আব্দুল আলীয়ে প্ৰতিযোগীসকলৰ শ্ৰেষ্ঠতা নিৰূপণ কৰে। বিজ্ঞান ভিত্তিক চিত্ৰাঙ্কণ প্ৰতিযোগিতাত প্ৰথম ছানিয়া ফিৰ্দুছি, দ্বিতীয় গায়ত্ৰী মেছ আৰু তৃতীয় ৰূমী বেগম, মডেল প্ৰতিযোগিতাত প্ৰথম আৰিফুল হোছেইন, দ্বিতীয় আবু হানিফা আৰু তৃতীয় দিপজ্যোতি নাথ, (খ) শাখাৰ চিত্ৰাঙ্কণত প্ৰথম মিনাক্ষী বৰা, দ্বিতীয় নাজমিন আখতাৰ আৰু লুব্না ইয়াচমিন। প্ৰথম আৰু দ্বিতীয় স্হান প্ৰাপ্ত সকলক ১১ জানুৱাৰীত জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব বুলি সমন্বয়ক নজিবুৰ ৰহমানে জনাইছে। বিয়লি নিৰ্বাচিত প্ৰতিযোগীসকলৰ মাজত বঁটা বিতৰণ কৰা হয়। অনুষ্ঠানটোত খাদ্য যোগান আৰু অন্যান্য ব্যৱস্থাপনাত আছিল গ্ৰাম বিকাশ পৰিষদৰ কৰ্মচাৰী আবুল কালাম, নবীন দৈমাৰী আৰু ছৰিফুৰ ৰহমান।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…