৮ জানুৱাৰী ২০২১ৰ পৰা নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত অনুষ্ঠিত হৈছে ৪৮ সংখ্যক ৰাজ্যিক আন্ত:জিলা দেহশ্ৰী প্ৰতিযোগিতা।অসম শৰীৰ চৰ্চা আৰু ফিটনেচ সংস্হাৰ সৌজন্যত আৰু নগাঁও জিলা শৰীৰ চৰ্চা আৰু ফিটনেছ সংস্হাৰ ব্যৱস্হাপনাত হবলগীয়া খেলসমূহ বিভিন্ন ওজনৰ শাখাত অনুষ্ঠিত হব।পুৰুষ আৰু মহিলাৰ উভয় শাখাত মিষ্টাৰ অসম জুনিয়ৰ, ছিনিয়ৰ,মাষ্টাৰ্ছ,মিছ অসম,ফিটনেছ, পুৰুষৰ মডেল ফিজিক,পুৰুষৰ এথলেটিক ফিজিক আৰু দিব্যাংগৰ শৰীৰ চৰ্চা প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হব।মিষ্টাৰ অসম জুনিয়ৰৰ খেল সমূহ ২১ বছৰৰ অনুৰ্ধৰ আৰু মিছ অসম ফিটনেছ মুকলি শাখাত অনুষ্ঠিত হব।আনহাতে পোনপ্ৰথম বাৰৰ বাবে অন্তৰ্ভুক্ত কৰা পুৰুষৰ এথলেটিক ফিজিক এটা গ্ৰুপত আৰু দিব্যাংগৰ প্ৰতিযোগিতাও এটা গ্ৰুপতে অনুষ্ঠিত হব।আজি বিয়লি ৫ বজাৰ পৰা খেলুৱৈ পঞ্জীয়ন আৰু ওজন লোৱা হৈছেকাইলৈৰ পৰা প্ৰতিযোগিতাৰ খেল সমূহ অনুষ্ঠিত হব।প্ৰতিযোগিতা খনিত ২৭ খন জিলাই অংশগ্ৰহণ নিশ্চিত কৰিছে।আজি সন্ধিয়া নেহৰুবালিত অনুষ্ঠিত দেহশ্ৰী প্ৰতিযোগিতা খনিৰ সন্দৰ্ভত এই তথ্য সদৰী কৰে আন্তঃজিলা দেহশ্ৰী প্ৰতিযোগিতাৰ সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই।উল্লেখ্য কাইলৈ পূৱা দহবজাত আয়োজক সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই প্ৰতিযোগিতাৰ পতাকা উত্তোলন কৰিব।পূৱা “এন্টি ড্ৰাগছ ৰেলী”আৰম্ভ হোৱাৰ পিচতে খেলসমূহ অনুষ্ঠিত হব।বিয়লি ৩ বজাৰ প্ৰি-জাজিং আৰু সন্ধিয়া ৭ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।১০ জানুৱাৰী পূৱাৰে পৰা খেলসমূহ অনুষ্ঠিত হোৱাৰ পিছতবিয়লি ৫ বজাত চুড়ান্ত খেল সমূহ অনুষ্ঠিত হব।নিশা ৮ বজাৰ বঁটা বিতৰণী অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।সংবাদমেলত আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি অমিতাভ বৰা আৰু সাধাৰণ সম্পাদক সীমান্ত বৰাও উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বিবাহত ৰাজনৈতিক উপহাৰ! দৰাই কইনাক উপহাৰ দিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ফটো…
- ‘অনুপমা’ৰ ৰূপালী গাংগুলীয়ে এক বিশেষ ৰোগৰ বাবে গৰ্ভধাৰণত সমস্যাৰ সন্মুখীন হৈছিল! প্ৰতিগৰাকী মহিলাই বিপদত পৰে এই ৰোগৰ বাবে…
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান…
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…