উজনি অসমৰ সৰ্বাধিক পুৰণি দেৰগাঁও ভোগালী বিহু সন্মিলনে মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিলে। বিগত ৭৪ বছৰে বিভিন্ন কাৰ্য্যসূচীৰে উলহ মালহেৰে উদযাপিত কৰি অহা বিহু সন্মিলন খনি এইবাৰ মহাৰজত জয়ন্তী আৰম্ভণি বৰ্ষ হিচাপে ১৩,১৪,১৫ আৰু ১৬ জানুৱাৰীত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লঠাগাঁওস্থিত অজলা পুথিভঁৰালৰ প্ৰাংগণত অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাইছে।এই উপলক্ষে প্ৰথম দিনা সন্ধ্যা মেজি প্ৰজ্বলনেৰে শুভাৰম্ভণী কৰিব গায়ন দিলীপ বৰাই। দ্বিতীয় দিনা পুৱা বিহু পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি বেদান্ত কুমাৰ বৰাই। ইয়াৰ পাছতেই বিহুৰ সমুহীয়া জলপান খোৱাৰ পৰ্ব আৰম্ভ হব। তৃতীয় দিনা ভোগালী বিহুৰ লগত সংগতি ৰাখি পুৱা অনুষ্ঠিত হব ক্ৰীড়া প্ৰতিযোগিতা। বিয়লি ছাত্ৰ ছাত্ৰী সকলৰ মাজত কবিতা আবৃত্তি, সাধু কোৱা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব।সন্ধ্যা বিশিষ্ট সমাজকৰ্মী, ভোগালী বিহু সন্মিলনৰ অন্যতম প্ৰতিষ্ঠাপক, প্ৰয়াত ঘনকান্ত দত্ত সোঁৱৰণী মঞ্চ উদ্বোধন কৰিব সমাজপ্ৰান অতুল গোস্বামীয়ে। ইয়াৰ পাছতেই অনুষ্ঠিত হব অসমীয়া গীতৰ আধাৰত আনন্দৰাম বৰা সোঁৱৰণী নৃত্য প্ৰতিযোগিতা। অন্তিম দিনা পুৱা ছাত্ৰ ছাত্ৰী সকলৰ মাজত ঠাইতে ছবি অঁকা প্ৰতিযোগিতা,সকলোৰে বাবে পিঠা প্ৰতিযোগিতা, ভেশছন প্ৰতিযোগিতা, টেকেলি ভঙা প্ৰতিযোগিতা অনুষ্ঠিত হব। বিয়লি বটাঁ প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানৰ পাছত স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা অনুষ্ঠিত হব সাংস্কৃতিক অনুষ্ঠান। এই সমুহ কাৰ্যসূচীত সকলোৰে উপস্থিত তথা সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ হৈ সভাপতি বেদান্ত কুমাৰ বৰা, কাৰ্যকৰী সভাপতি সত্যজিত দত্ত আৰু সম্পাদক হেমেন বৰাই। বিহুৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিবৰ বাবে ৭০০২২৪২৮২৮/৯১০১৪১৭০০৫ আৰু ৯৩৬৫২৩০৭৭৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উদযাপন সমিতিয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- দৰঙৰ ধূলাত মৰেল পুলিচৰ ঘটনা
- দুৰ্যোগত সুযোগৰ সন্ধান:বৰলুইতত উঠিছে খৰিৰ উজান
- ড০ নিৰ্মলপ্ৰভা বৰদলৈ লৈ শ্ৰদ্ধাঞ্জলি…
- USTMৰ তিনিজন ফাৰ্মৰ ছাত্ৰ-ছাত্ৰীয়ে Chewable Herbal Dentifrice প্ৰস্তুত কৰে…
- মুকেশ আম্বানীক চেৰ পেলাই দেশৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানি…
- চিলাপথাৰ নগৰৰ মূল পথত বৃহৎ বৃহৎ গাঁত! নগৰৰ পৰা সংযোগী পথ সমূহৰ অৱস্থা শোচনীয়, যাতায়তত ৰাইজে ভুগিছে যমৰ যাতনা; নিৰ্বিকাৰ জনপ্ৰতিনিধি…
- সৌৰাংশ্ৰীত তীব্ৰ ৰূপ ধাৰণ কৰিছে লালী নদীৰ খহনীয়াই, বিলীন গৈছে বিঘাই বিঘাই উৰ্বৰা কৃষিভূমি…
- কেতিয়াও ভবা নাছিলো যে মই ক্ৰিকেট খেলিবলৈ আমেৰিকালৈ আহিমঃ বিৰাট কোহলী…
- অসম তথা উত্তৰ পূবত ৰেমালৰ প্ৰভাৱে দুৰ্যোগৰ মাজলৈ থেলি দিয়া জনসাধাৰণৰ দুখ দুৰ্দশাত উদ্বিগ্নতা প্ৰকাশ দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ…
- আজি লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ…