উজনি মাজুলীৰ অগ্ৰনী শিক্ষানুষ্ঠান শ্ৰীৰাম বনমালীদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় খনে অঞ্চলটোত শিক্ষাৰ দিশত এক অনন্য ভূমিকা গ্ৰহন কৰি আহিছে ৷ প্ৰতি বছৰেই উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূৰান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা ছাত্ৰ ছাত্ৰী সকলে কৃৰ্তীতৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে বহুকেইজন ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ৰ পৰা গৈ অসমৰ বিভিন্ন ঠাইত উচ্চ পদস্থ বিষয়াবৰ্গ হৈছেগৈ ৷ অঞ্চলটোত শৈক্ষিক সামাজিক অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশৰ লগতে সৰ্বটো প্ৰকাৰে আগবাঢ়ি যাব পৰাকৈ সচেতন তথা প্ৰজ্ঞাৰ সাধক সকলে 1972 চনতে শ্ৰী শ্ৰী দক্ষিনপটীয় সত্ৰাধিকাৰ প্ৰয়াত শ্ৰীৰাম বনমালীদেৱ ৰ নামাকৰণৰে এই বিদ্যালয়খন স্থাপন কৰে ৷ ঐতিহ্য আৰু গৌৰৱৰ স্ব- মহিমাৰে উদভাষিত এই শ্ৰীৰাম বনমালীদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে সোনালী জয়ন্তী বৰ্ষ গৰকাৰ সময়তে অঞ্চলটোত এক আনন্দময় পৰিবেশে বিৰাজ কৰিছে ৷ যোৱা 26 ডিচেম্বৰত এই সম্পৰ্কত বিদ্যালয় খনত বিদৎ সমাজৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী অঞ্চলৰ ৰাইজ আৰু বিদ্যালয় পৰিয়ালৰ উপস্থিতিত এখন ৰাজহুৱা সভা অনুস্থিত হয় ৷ সভাত বিদ্যালয় খনৰ সোনালী জয়ন্তী অনুষ্ঠানটি উদযাপন কৰিবৰ বাবে আলোচনা কৰি অহা 2022 চনত সম্পূূূূৰ্ণ কৰিবলৈ সিদ্ধান্ত কৰাৰ লগতে বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেন্দ্ৰ শৰ্মাক সভাপতি অৱসৰ প্ৰাপ্ত অধ্যক্ষ পদ্মধৰ শইকীয়াক কাৰ্যকৰী সভাপতি অধ্যক্ষ দীনাৰাম বৰা আৰু বিষয় শিক্ষক অসীম হাজৰিকাক যুটীয়া সম্পাদক হিচাপে লৈ একাৱন্ন জনীয়া এখন কৰ্ণধাৰ সমিতি গঠন কৰা হয় ৷ সমিতি খনে বিদ্যালয় খনৰ সোনালী জয়ন্তী অনুষ্ঠানটি আটক ধুনীয়াকৈ অনুষ্ঠিত কৰিবলৈ অঞ্চলবাসী ৰাইজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী বিদ্যালয়ৰ পৰিয়াল বৰ্গ আৰু শুভাকাংখী সকলৰ সহায় সহযোগিতা একান্তই কামনা কৰিছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…
- ধূমপান এৰিলেই নহ’ব! হাওঁফাওঁৰ বাবে খাব লাগিব এই ৭টা খাদ্য…
- দুভাগত বিভক্ত হ’ল দেশৰ ১২৭ বছৰ পুৰণি গডৰেজৰ ব্যৱসায়…
- জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন…
- চীন-পাকিস্তানক প্ৰত্যাহ্বানঃ নৌসেনাৰ শক্তি বৃদ্ধি কৰি ভাৰতে পৰীক্ষণ কৰিলে এণ্টি-ছাবমেৰিন মিছাইল প্ৰণালী…
- মানুহ মৰি শেষ হৈ যাওক, কংগ্ৰেছৰ কোনো মতলব নাছিল, বিটিআৰত ১৭ বছৰে বিপিএফে অকল হত্যা-হিংসাৰ পৰিৱেশ সৃষ্টি কৰিছিলঃ মন্ত্ৰী পীয়ূষ হাজৰীকা
- ৰঙিয়া মৰাণজানাত ভয়ংকৰ দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ মৃত্যু…
- মানাহ ৰাষ্ট্ৰীয় উদ্যানত গা ধুবলৈ গৈ নিখোজ তিনি যুৱক, সন্ধান নাই দ্বীপ, অভিজিতৰ…
- ডিমা হাছাওৰ ডিটকছেৰাত বাছ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু…
- ৫ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব ফণীভূষণ চৌধুৰী, কংগ্ৰেছৰ দিনত টকা দিলেহে চাকৰি পাইছিল, কিন্তু আজি সেই পৰিৱেশ নাইঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা…