September 15, 2024 England vs Australia 3rd T20I : এইকেইগৰাকী খেলুৱৈৰ ওপৰত এপলক দৃষ্টি England vs Australia 3rd T20I: এইকেইগৰাকী খেলুৱৈৰ ওপৰত এপলক দৃষ্টি Share FacebookTwitterWhatsAppTelegramKooEmail জেকব বেথেল(Jacob Bethell): আন্তঃৰাষ্ট্ৰীয় চাৰ্কিটত নিজকে পৰিচয় কৰি দিয়াৰ লগতে ইংলেণ্ডৰ হৈ দ্বিতীয়খন মেচত ২৪টা বলতত ৪৪ ৰান সংগ্ৰহ কৰিছিল। ট্ৰেভিছ হেড(Travis Head): ট্ৰেভিছ হেডে শেহতীয়াকৈ এৰন ফিঞ্চক অতিক্ৰম কৰি এটা কেলেণ্ডাৰ বৰ্ষত এজন অষ্ট্ৰেলিয়ানৰ দ্বাৰা সৰ্বাধিক টি-২০ ইণ্টাৰনেশ্যনেলত ছিক্সাৰ মাৰিছিল। তেওঁ ইতিমধ্যে নিজৰ দুটা ইনিংছত ৯০ ৰান সংগ্ৰহ কৰিছে। লিয়াম লিভিংষ্টন(Liam Livingstone): ইংলেণ্ডৰ লিয়াম লিভিংষ্টনে টি-২০ ছিৰিজৰ দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪৭ টা বলত ৮৭ ৰান সংগ্ৰহেৰে মেচ-উইনিং প্ৰদৰ্শন আগবঢ়াই টি-২০ ছেট-আপত চাৰি নম্বৰত অৱতীৰ্ণ হ’বলৈ সক্ষম হৈছিল। তাৰোপৰি দুখন খেলত তেওঁ ৫ টা উইকেট দখল কৰিছে। জেক ফ্ৰেজাৰ-মেকগাৰ্ক(Jake Fraser-McGurk): ২২ বছৰীয়া যুৱকজনে টি-২০ ইণ্টাৰনেশ্যনেল ছিৰিজৰ দ্বিতীয়খন খেলত অৰ্ধশতক ৰান সংগ্ৰহ কৰা ২য় কনিষ্ঠ অষ্ট্ৰেলিয়ান হিচাপে পৰিগণিত হৈছে। ইতিমধ্যে তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত নিজৰ সম্ভাৱনা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। মেথিউ শ্বৰ্ট(Matthew Short): টি-২০ ইণ্টাৰনেশ্যনেলৰ এই ছিৰিজত মেথিউ শ্বৰ্টে এজন অষ্ট্ৰেলিয়ান হিচাপে ৩য় শ্ৰেষ্ঠ বলিং স্পেল বিচাপে পঞ্জীয়ন কৰিবলৈ সক্ষম হয় । তেওঁ প্ৰথমখন খেলত ২৬টা বলত ৪১ ৰান সংগ্ৰহ কৰাৰ ওপৰিও দ্বিতীয়খন খেলত ২২ ৰানৰ বিপৰীতে ৫ টা উইকেট দখল কৰিছিল। Author: দৈনন্দিন বাৰ্তা Related Articles আজি গ্লাছগ’ কমনৱেলথ গেমছৰ বক্সিং ৰিঙত নামিব অসমকন্যা লাভলিনা বৰগোঁহাই দৈনন্দিন বাৰ্তা - July 31, 2026 কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন মীৰাবাই চানুৰ দৈনন্দিন বাৰ্তা - July 27, 2026 ফিফা বিশ্বকাপ ২০২৬ৰ চেম্পিয়ন স্পেইনঃ আৰ্জেণ্টিনাক পৰাস্ত কৰি বিশ্বকাপৰ খিতাপ দখল কৰিলে স্পেইনে দৈনন্দিন বাৰ্তা - July 20, 2026