চতিয়া সমষ্টিৰ জনপ্ৰিয় বিধায়ক পদ্ম হাজৰিকাক চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুস্থিত হোৱা বিশাল জনসমাবেশৰ মাজত প্ৰদান কৰা হয় চতিয়া ৰত্ন সন্মান । সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে সামাজিক জীৱনৰ পাতনি মেলা পদ্ম হাজৰিকাই অসম আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । আন্দোলনৰ সময়ত চৰকাৰী পক্ষৰ পৰা নানান নিৰ্যাতনৰ সন্মুখিন হোৱা পদ্ম হাজৰিকাই ১৯৯৫ চনত অসম গনপৰিষদ দলত যোগদান কৰি ৯৬ চনত প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু বৰ্তমানলৈকে তেওঁ চতিয়া সমষ্টিৰ পৰা ২০ বছৰ ধৰি প্ৰতিনিধিত্ব কৰি আছে । ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি দলত যোগদান কৰে পদ্ম হাজৰিকাই । প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাচৰে পৰা চতিয়া সমষ্টিৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে পদ্ম হাজৰিকাই । পদ্ম হাজৰিকাই কণ্যকাৰ জৰিয়তে আৰম্ভ কৰিলে নতুন অভিযান। কণ্যকাৰ জৰিয়তে চতিয়া সমষ্টিত নিৱনুৱা যুৱক যুৱতী সকলৰ মূখলৈ হাঁহিৰ ৰেঙনি কঢ়িয়াই আনিছে । এইজন জনপ্ৰিয় বিধায়ক ৰাজনৈতিক নেতাক আজি দৱা, কাহ,উৰুলী, শংখ, হৰ্ষধ্বনিৰ মাজৰে প্ৰদান কৰিলে চতিয়া ৰত্ন। আজিৰ এই অনুষ্ঠানৰ সভাপতিত্ব কৰে চতিয়া নাগৰিক সভাৰ সভাপতি ভৱ শইকীয়াই।পদ্ম হাজৰিকাৰ বাল্য বন্ধু ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধক্ষ্য ড:অঞ্জন ওজাই পদ্ম হাজৰিকাৰ বাল্যকালৰ স্মিতী ৰোমন্থন কৰি কয় হাজৰিকাই সৰুৰে পৰাই নেতৃত্ব দিয়াৰ গুণৰ অধিকাৰী আছিল। আজিৰ অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰীকা পদ্ম হাজৰিকাৰ বাল্য বন্ধু অসম অসামৰিক সেৱাৰ বিষয়া চৰাইদেউ জিলাৰ প্ৰাক্তন উপাযুক্ত দিপক সন্দিকৈ উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…