নলবাৰীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ২৮ তম ৰাজ্যিক সমাৰোহত চমকপ্ৰদ ভাবে উজ্বলিল মাজুলীৰ দুই ছাত্র-ছাত্ৰী। ৩৩ খন জিলাই অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনিত মাজুলীৰ ৰতনপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী দেৱলক্ষ্মী শইকীয়াই ‘ বহঁত গছৰ গাৰ পৰা সংগ্ৰহ কৰা প্ৰাকৃতিক ৰঙ আৰু ইয়াৰ সুপ্ৰয়োগ ‘ শীৰ্ষক প্ৰকল্প উপস্থাপন কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ অসমৰ ভিতৰত চতুৰ্থ স্থান দখল কৰি নিৰ্বাচিত হৈছে। শিশু বিজ্ঞানী গৰাকীয়ে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ শৰ্মাৰ তত্ত্বাৱধানত প্ৰকল্পটো প্ৰস্তুত কৰিছিল। দেৱলক্ষ্মী উজনি মাজুলী ৰতনপুৰ গাঁও নিবাসী শিক্ষক হৰেন শইকীয়া আৰু ৰিঞ্জু শইকীয়াৰ কন্যা। আন এগৰাকী কৃতিমানৰ সাফল্যত গৌৰাম্বিত মাজুলী। তেওঁ হৈছে কঢ়ালগাঁও-বাপুজী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ নৰেন্দ্ৰ শইকীয়া । নৰেন্দ্ৰ দক্ষিণপাট নাওঁশালি গাঁৱৰ বকুল শইকীয়াৰ একমাত্ৰ পুত্ৰ। নৰেন্দ্ৰই শিশু বিজ্ঞানী সকলৰ মাজত অনুষ্ঠিত হোৱা ‘শিশু মেলত’ আটাইবোৰ প্ৰশ্নৰ সুদুত্তৰ দি ‘শ্ৰেষ্ঠ মেলুৱৈ’ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। তাৰোপৰি কবিতা আবৃত্তিত সুন্দৰ ভাবে কবিতা আবৃত্তি কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়। যাৰ বাবে আই আই টি গুৱাহাটীৰ অধ্যাপক ডঃ অৰূপ কুমাৰ শৰ্মাই গলত পৰিধান কৰি থকা গামোচা নৰেন্দ্ৰক পিন্ধাই আদৰ যাচে। সামগ্ৰিক ভাৱে মাজুলীৰ দলটি নলবাৰীৰ ৰাজ্যিক সমাৰোহত সুন্দৰ ভাবে উজ্বলি উঠিল। তেওঁলোকৰ এই সাফল্যত গৌৰাম্বিত হৈছে মাজুলীবাসী | লগতে দুয়োজন কৃৰ্তীমানলৈ ছ’চিয়েল মেডিয়াযোগে অভিনন্দন জনাইছে সকলোৱে |
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…