অসম জাতীয় পৰিষদৰ আহ্বান মৰ্মে মাজুলী জিলা জাতীয় পৰিষদে তিনি দফীয়া দাবী পুৰণাৰ্থে মাজুলী জিলা সদৰ গড়মুৰত আজি দিনৰ ১১ বজাৰ পৰা ২ বজালৈ তিনি ঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট পালন কৰে । লাইকা দধিয়াবাসীৰ পুনৰ সংস্থাপন , বান খহনীয়াৰ স্থায়ী সমাধান, হৰি শংকৰ ব্ৰহ্ম প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দাবীত উক্ত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে মাজুলী জিলা অসম জাতীয় পৰিষদৰ মূখ্য কাৰ্যালয়ৰ সন্মুখৰ পৰা বেনাৰ হাতে-হাতে প্লে-কাৰ্ড লৈ প্ৰায় শতাধিক দলীয় সমৰ্থকে ৰাজপথেৰে প্ৰতিবাদ কৰি আহি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয়। প্ৰতিবাদকাৰী সকলে মাজুলী যোৰহাট সংযোগী দলং আৰু নিমাতীত সজাই থোৱা ৰ’পেক্স সন্দৰ্ভত মাজুলীবাসীক আভুৱা ভৰা বুলি ক্ষোভ উজাৰে। প্ৰতিবাদ থলিত মাজুলী জিলাৰ কাৰ্যবাহী দণ্ডাধীশ বিভাষ পাঠক উপস্থিত হোৱাত প্ৰতিবাদকাৰী সকলৰ হৈ মাজুলী জিলা অসম জাতীয় পৰিষদৰ সভাপতি শিশুধৰ দলে আৰু সম্পাদক হেমন্ত বৰা স্বাক্ষৰিত তিনিদফীয়া স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণৰ বাবে অৰ্পণ কৰে। প্ৰতিবাদী সমদলত মাজুলী সমষ্টি প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে , শিক্ষাবিদ সমাজ সেৱিকা চেনেহী গগৈ কলিতা আদি বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিলড্ৰেনছ এছিয়ান গেমছত খেলাৰ বাবে ৰাছিয়ালৈ যাব অসমৰ দেবাংগনা তাঁতী…
- গুৱাহাটীত দুখনকৈ আই পি এল মেচ ! মহানগৰীত যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজস্থান ৰয়েলছে…
- ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ এজন যুৱক…
- ৰমণী আলি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ…
- বৰক্ষেত্ৰীত মুছলমান লোকৰ মৰম চেনেহ বিজেপিৰ লগত সদায় আছে !প্ৰধানমন্ত্ৰী মোডীক দেশৰ সূৰ্য আখ্যা মুখ্যমন্ত্ৰীৰ…
- মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা…
- বিশ্বনাথৰ তিনিসূঁতিত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সাহিত্যিক ছত্ৰমান চুব্বাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…
- চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…
- পুৰণিগুদামত দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম বাপুজী ভৱন পুথিভঁড়ালৰ খেলপথাৰ…
- জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…