কামৰূপ জিলাৰ অসম মেঘালয় সীমান্তৱাৰ্তি পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ অধীনৰ মুদুকীত মেঘালয় চৰকাৰে যোৱা কালি স্থাপন কৰা এটি অবৈধ টল গেট আজি কামৰূপ জিলা প্ৰশাসনে উচ্ছেদ কৰে । অসম আৰু মেঘালয় ৰ মাজত সীমা নিৰ্ধাৰণৰ বিষয়টোৰ প্ৰতি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দীৰ্ঘদিন ধৰি উদাসীনতা দেখুৱাই অহাৰ পৰিপ্ৰেক্ষিতত মেঘালয় চৰকাৰে বলপূৰ্বক ভাৱে অসমৰ সীমান্তৱৰ্তী এলেকাৰ ভূমিত সময়ে সময়ে মেঘালয় আগ্ৰাসন কৰি আহিছে । মেঘালয়ৰ সীমামুৰীয়া অসমৰ ভূমিত অসম চৰকাৰে কৰা নিৰ্মাণ কাৰ্য্যত মেঘালয়ে সময়ে সময়ে বাধা প্ৰদান কৰি অহাৰ লগতে মেঘালয়ে প্ৰায়ে অসমৰ ভুমি দখলৰ প্ৰচেষ্টা কৰি আহিছে । শেহতীয়া ভাৱে পলাশবাৰী থানাৰ অন্তৰ্গত মিৰ্যৰ দক্ষিণে মুদুকী অঞ্চলৰ অসম মেঘালয় সীমান্তৱৰ্তী ভালাখোৱা ৰাজহ গাঁৱৰ মাজেৰে অলপতে নিৰ্মাণ কৰা প্ৰধান মন্ত্ৰী গ্ৰম চৰক যোজনাৰ পথ এটাৰ ওপৰত মেঘালয় চৰকাৰে যোৱা কালি ৰাতিপুৱা ৰ ভাগত এটা অবৈধ টল গেট স্থাপন কৰে । টল গেট টোৰ ওচৰত উক্ত ঠাই খিনিৰ নাম মেঘালয়ৰ নং স্তন বুলি উল্লেখ কৰি এখন চাইন বৰ্দো মাৰি ৰাখে আগ্ৰাসন কাৰী মেঘালয় চৰকাৰে ।ইপিনে স্থানীয় ৰাইজে এই বিষয়টো স্থানীয় আৰক্ষীক অৱগত কৰাত আজি স্থানীয় প্ৰশাসনৰ হৈ পলাশবাৰীৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা স্থানীয় কাৰ্য্যবাহী দণ্ডাধিষ ধৃতিমাণ দাস আৰু কামৰূপ জিলাৰ উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দল উক্ত স্থানত উপস্থিত হয় । ভুমি ৰাজহৰ নথি পত্ৰ পৰীক্ষা কৰি মেঘালয়ে কালি টল গেট নিৰ্মাণ কৰা ভূমি খিনি অসমৰ বুলি নিশ্চিত কৰাৰ পিছত দণ্ডাধীষ ধৃতীমান দাসে দিয়া নিৰ্দেশ অনুযায়ী আৰক্ষীয়ে টল গেটটো উঠাই দিয়ে । মেঘালয় চৰকাৰে ভয় ভাবুকিৰে অসমৰ ভূমিত এইদৰে আগ্ৰাসন চলাই থকাৰ পিছতো চৰকাৰ নীৰৱ হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। আনকি উক্ত বৃহত্তৰ অঞ্চলটোৰ বহুকেইখন গাৱৰ বাসিন্দাই মেঘালয়ৰ ভয়ত দুয়োখন ৰাজ্যতেই ভোটাধিকাৰো সাব্যস্ত কৰি আহিছে । এনেদৰে অসম চৰকাৰ নিৰ্বিকাৰ হৈ থাকিলে এদিন উক্ত অঞ্চলটোৰ বৃহৎ অংশ মেঘালয়ৰ দখললৈ যাব বুলি স্থানীয় লোকসকলে মন্তব্য কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…