শেহতীয়াকৈ নগৰবেৰাত দেশী-বিদেশী সুৰা আৰু চুলাই মদৰ আগ্ৰাসনে সচেতন ৰাইজৰ টোপনি হৰিছে । স্মৰ্তব্য যে বৃহত্তৰ অঞ্চলটোত এখনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত মদৰ দোকান নাই যদিও একাংশ অসাধু ব্যৱসায়ীয়ে প্ৰশাসনক মেনেজ কৰি বছৰ বছৰ ধৰি অবৈধ সুৰা, চুলাই বিক্ৰী কৰি আহিছে । কালি সন্ধিয়া নগৰবেৰাৰ নিউ মাৰ্কেটত ছয়গাঁও আৰক্ষী চক্ৰ বিষয়া সোণ কুমাৰ শৰ্মাই এক অতৰ্কিত অভিযান চলাই দীপক দাস নামৰ মদ ব্যৱসায়ী এজনক বিক্ৰী কৰি থকা অৱস্থাত হাতে-লোটে ধৰিবলৈ সক্ষম হয় । অভিযানত বুজন পৰিমানৰ সুৰাৰ বটলৰ উপৰি প্ৰায় পঞ্চাশ পেকেট চুলাইৰ পেকেট জব্দ কৰিবলৈ সক্ষম হয় আনহাতে ধৃত ব্যৱসায়ী গৰাকীক আৰক্ষী চক্ৰ বিষয়াই নগৰবেৰা আৰক্ষীক চমজাই দি এক গোচৰ ৰুজু কৰে । উল্লেখযোগ্য যে নগৰবেৰা আৰক্ষী থানাৰ নাতি দূৰত প্ৰায় তিনি-চাৰি স্থানত একাধিক খামীডাঠ ব্যৱসায়ীয়ে কোনো ধৰণৰ চৰকাৰী অনুজ্ঞাপত্ৰ নোহোৱাকৈ নিতৌ লাখ-লাখ টকাৰ মদ বিক্ৰী কৰি আহিছে যদিও নগৰবেৰা আৰক্ষীয়ে আজিকোপতি কোনোধৰণৰ পদক্ষেপ নোলোৱাটো ৰাইজৰ দৃষ্টিত ৰহস্যজনক । ৰাইজে আৰক্ষী চক্ৰ বিষয়া সোণ কুমাৰ শৰ্মাৰ এনে পদক্ষেপৰ শলাগ লোৱাৰ উপৰি আগলৈ অঞ্চলটো আগলৈও নিৰীক্ষণৰ আহ্বান জনাইছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বৰপেটাত বিৰোধীৰ কোনো অস্তিত্ব নাই, ইয়াত বিৰোধীয়েও নাজানে তেওঁলোকৰ প্ৰাৰ্থী কোন, ফণীভূষণ চৌধুৰী অসমৰ ৰাজনীতিৰ ভীষ্ম, এগৰাকী সুদক্ষ ব্যক্তিঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
- ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স ৭৫ হাজাৰ অতিক্ৰম…
- চেমিকণ্ডাক্টৰ জৰিয়তে চাউথ ইষ্ট এছিয়াৰ দুৱাৰ মুকলি কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইঃ বিমল বড়া
- আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস…
- তেজপুৰৰ “সংস্কৃতা”ৰ বাৰ্ষিক অধিৱেশন আৰু বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা সম্পন্ন…
- বিবাহত ৰাজনৈতিক উপহাৰ! দৰাই কইনাক উপহাৰ দিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ফটো…
- ‘অনুপমা’ৰ ৰূপালী গাংগুলীয়ে এক বিশেষ ৰোগৰ বাবে গৰ্ভধাৰণত সমস্যাৰ সন্মুখীন হৈছিল! প্ৰতিগৰাকী মহিলাই বিপদত পৰে এই ৰোগৰ বাবে…
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান…
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..