লাহোৱাল শিক্ষাখণ্ডৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক মণ্ডল ভিত্তিক শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ মাজত প্ৰাইজমাণি টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্ট আজি চাউলখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয়। আঠটা দলে অংশগ্ৰহণ কৰা খেলখনত জয় হৌ ৱাৰিয়ৰ্চে এন চি আৰ একাদশক পৰাজিত কৰি ২০১২১ বৰ্ষৰ চেম্পিয়ন হয়। নিৰ্ধাৰিত ৫ অভাৰত এন চি আৰে ৪৬ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে জয় হৌ ৱাৰিয়ৰ্চে পাঁচটা বল বাকী থকাত নিৰ্ধাৰণ ৰাণ সংগ্ৰহ কৰি ৬ উইকেটত জয়ী হয়। উল্লেখ্য যে এন চি আৰ একাদশে বিগত বৰ্ষতো ৰাণাৰ্চ আপ খিতাপ অৰ্জন কৰিছিল। মেন অফ দা মেচ আৰু মেন অফ দা চিৰিজ দখল কৰে জয় হৌ ৱাৰিয়ৰ্চ দলৰ ৰাজেশ ত্ৰিপাঠীয়ে। আনহাতে প্ৰথমবাৰৰ বাবে মহিলাসকলৰ মাজতো প্ৰদৰ্শনীমূলক খেল অনুষ্ঠিত হয়। স্পাৰ্কিং গ্ৰীণ দলে কনকলতা দলক পৰাজিত কৰে। মেন অফ দা মেচ ঘোষিত হয় স্পাৰ্কলিং গ্ৰীণৰ মিনাক্ষী বৰা। পুৱা খেলৰ পতাকা উত্তোলন কৰে লাহোৱাল খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰিণ্টি দিহিঙ্গীয়াই। আনহাতে খেলৰ শুভাৰম্ভ কৰে ফুলামপুৰ শ্ৰী শ্ৰী শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা চেম্পিয়ন ট্ৰফীৰ দাতা কল্যাণ কুমাৰ গগৈয়ে। বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে চাচাজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চিউ কুমাৰ চাহুৱে। অতিথি হিচাপে অংশ গ্ৰহণ কৰে লাহোৱাল খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰিণ্টি দিহিঙ্গীয়া, মদাৰখাত সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা অপৰ্ণা বৰগোঁহাই, জিলা গাণনিক বিষয়া গিয়াছ আলি, ৰাণাৰ্চ আপৰ ট্ৰফী দাতা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী গায়ত্ৰী দেৱী, টিমনা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পূণ্য গোঁহাই দত্তৰ লগতে বিভিন্ন বিদ্যালয়ৰ প্ৰধান সকল।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…