অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কৰ্মচাৰীয়ে এতিয়াৰ পৰা গ্ৰাহকৰ ঘৰলৈ গৈ চাৰ্ভিছ দিয়াৰ লগতে গ্ৰাহকৰ বাবে চৰকাৰী আচঁনি সমূহ কেনেদৰে গ্ৰাহক উপকৃত হ’ব সেই উদ্দেশ্যে আজি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মৰিগাঁও জিলাই আজি এক সংবাদ মেল অনুষ্ঠিত কৰে। চি জি এম(চিআৰ) অভিজিৎ শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে- গৰাকীয়ে কয় যে এপিডিচিএল নবেম্বৰ মাহৰ পৰা গ্ৰাহকক বিল সমূহ পৰিশোধ কৰিবলৈ ৫ খনকৈ অভিলাষী আঁচনি চৰকাৰে দিছে যাৰ সুবিধা বৰ্তমানেও চলি আছে৷ এই আচঁনিৰ জৰিয়তে জীৱনধাৰা ঘৰুৱা ব্যৱহৃত বিদ্যুত গ্ৰহক সকলে যাৰ তিনি মাহ হোৱাতো বিল পৰিশোধ কৰিব পৰা নাই ,এল টি, এইচ টি গ্ৰাহক সকলে যদি নিজৰ দিবলগীয়া বিল ১০০% দিয়ে তেন্তে সুত সমুলি মাফ আৰু ৫০% দিলে ৮০% মাফ দিয়াৰ সুবিধা আছে৷গ্ৰাহকৰ বাবে বিল সমূহ ৫ টা ভাগত পৰিশোধ কৰিব পৰাও ব্যৱস্থা আছে৷ লগতে বিল মিটাৰ সমূহৰ ক্ষেত্ৰত অহা অভিযোগ নাইকিয়া কৰিবলৈ এক প্ৰযুক্তিৰ জৰিয়তে মবাইলত মিটাৰ ৰিদিং স্কেনিং কৰি গ্ৰাহকক ৰিদিং অনুসৰিহে বিল দিয়াৰ ব্যৱস্থা কৰা হ’ব, যিটো প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে যদিও সকলো ঠাইতে আৰম্ভ হোৱা নাই আৰু কিছু দিনৰ পিছতে সম্পূৰ্ণ হ’ব বুলি বিষয়া গৰাকীয়ে মন্তব্য কৰে। লগতে বিষয়া গৰাকীয়ে কয় যে- অসম বিদ্যুত শক্তি বিতৰণ কোম্পানী লিমিটেডে গ্ৰাহক সকলৰ বাবে বিল তুলিবলৈ ঘৰে ঘৰে এজেণ্ট নিয়োগ কৰিব, যাৰ দ্বাৰা গ্ৰাহকে বিল সমূহ দিবলৈ এতিয়া সময় খৰচ কৰি শাৰী পাতি থাকিব নালাগে৷ এই প্ৰক্ৰিয়া এতিয়া আৰম্ভৰ পথত৷যি সকল গ্ৰাহকৰ মিটাৰ বিকল হৈ গ’ল আৰু সেই সকল গ্ৰাহকক বিভাগৰ ফালৰ পৰা মিটাৰ প্ৰযোজ্য সাপেক্ষে প্ৰদান কৰি মিটাৰৰ জৰিয়তে ৰিদিং বিল পৰিশোধ কৰাৰ ব্যৱস্থা কৰাৰ কথা তেওঁ উল্লেখ কৰে৷ আনহাতে বিভাগৰ বিষয়াই গ্ৰাহক লগত যোগাযোগ সুমধুৰ কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই ৰাজহুৱা প্ৰতিষ্ঠানটো ব্যক্তিগত কৰণ নহয়, তাৰ বাবেও ৰাইজৰ সহযোগ কামনা কৰে বিষয়া গৰাকীয়ে। ইপিনে, সংবাদ মেলত জি এম(চিআৰ) লোকনাথ চৌধুৰী, জি এম(এন ই জেদ)ছাহনাৱাজ হুছেইন, চি ই অ'(এম ই চি)প্ৰনৱ কুমাৰ বৰদলৈ, এ জি এম(এম ই ডি) দিপাংকৰ বৰ্মন আৰু এ জি এম (জে ই ডি) দিগন্ত বৰা উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চলিত বিত্তীয় বৰ্ষৰ সমাপ্তিৰ পূৰ্বে মুঠ এনপিএৰ পৰিমাণ ৬,০০০ কোটি টকাৰ তললৈ নমাই অনাৰ পৰিকল্পনা ইউকো বেংকৰ…
- বৰাখাটৰ মহেশ্বতা বিদ্যামন্দিৰৰ সমীপত নিয়ম বৰ্হিভূতভাৱে পেট্ৰ’ল পাম্প স্থাপন চেষ্টাৰ অভিযোগ…
- ওৰাং আৰক্ষীৰ সফলতা, চামুগুৰিৰ টেকেলীপোটা গাঁৱৰ পৰা গভাইত চোৰক গ্ৰেপ্তাৰ…
- মূৰৰ বিষ, কঁকালৰ বিষ আৰু মানসিক স্বাস্থ্যৰ সমস্যা বেছি মহিলাৰ! পুৰুষতকৈ মহিলাৰ স্বাস্থ্য অতি দুৰ্বল…
- বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ…
- নেপালৰ নতুন ১০০ টকীয়া নোটত অন্তৰ্ভুক্ত কৰা হ’ব বিবদমান ভূমিৰ মানচিত্ৰ…
- এই ৫ টা বস্তু গাখীৰৰ সৈতে নাখাব, উপকাৰৰ পৰিৱৰ্তে অপকাৰ হ’ব…
- জোনাই-চিলাপথাৰ প্ৰেছ ক্লাবৰ সংবাদকৰ্মীৰ গছপুলি ৰোপন প্ৰকৃতি সেউজীয়া কৰণৰ লক্ষ্য ! TMPKৰ ডেৰমহীয়া বৃক্ষপুলি ৰোপন কাৰ্যসূচী…
- উত্তৰ প্ৰদেশত ঘটিল ভয়াৱহ ঘটনাঃ যাত্ৰা নাটত অসুৰ বধ কৰাৰ সময়তে কিশোৰৰ মুণ্ডচ্ছেদ কৰিলে মা কালীৰূপী অভিনেতাই!
- কলিয়াবৰ আমবাগানৰ দুৰ্ঘটনাত নিহত বাইক আৰোহী ছহিদুল ইছলাম…