চলিত নাট্যবর্ষত যিকেইখন নাটকে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে সেই নাটক সমূহৰ ভিতৰতে এখন অন্যতম নাটক হল থিয়েটাৰ সূৰ্য্যৰ দ্বাৰা নিবেদিত ‘মৰমত তেজৰ টোপাল’ (Guwahati)। অভিজিত ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এই নাটখনে শাৰদীয় দুৰ্গোৎসৱৰ পৰা আৰম্ভ কৰি মহানগৰীলৈকে দৰ্শকৰ মাজত তীব্ৰ আলোড়নৰ সৃষ্টি কৰাই নহয়, নাটখন চাই সকলো শ্ৰেণীৰ দৰ্শকে একমুখে এইবুলিও স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে বছৰটোৰ সবাতোকৈ উপভোগ্য নাটখনেই হল ‘মৰমত তেজৰ টোপাল’ ।

দলগত অভিনয়, বৰ্ণময় প্ৰযোজনা আৰু সুমধুৰ সংগীতৰ উপৰি যুৱ প্ৰজন্মৰ আবেগ অনুভূতিক জোকাৰি যাব পৰা কাহিনীৰ বাবে এই নাটখনে দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। লগতে লাভ কৰিছে বিপুল বাণিজ্যিক সাফল্য ।

‘মৰমত তেজৰ টোপাল’ চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা দৰ্শক ৰাইজৰ উৎকণ্ঠাৰ ওৰ পেলাই গণেশগুৰিত ১২ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ নাট পৰিৱেশন কৰিব থিয়েটাৰ সূৰ্য্যই। গণেশগুৰিৰ গোপাল বড়ো হাইস্কুল খেলপথাৰত প্ৰথম নিশাৰ পৰাই প্ৰতিনিশাত দুটাকৈ দর্শনীত থিয়েটাৰ সূৰ্য্যই নিবেদিব ‘মৰমত তেজৰ টোপাল’ । নাটখনত অভিনয় কৰিছে চলচ্চিত্ৰ তথা ভ্ৰাম্যমাণ মঞ্চৰ জনপ্ৰিয় অভিনেতা উৎপল দাস, নিৰঞ্জন দাস, অভিনেত্ৰী ময়ুৰী গৌতম, মঞ্জিল বৰুৱা, মৃণালদ্বীপ গোস্বামী, ৰাতুল শইকীয়া, অমৰেন্দ্ৰ অলেম্যান, দীপাংকৰ তালুকদাৰ(বাহু), ৰূপৰেখা গোস্বামী, অচ্যুত কলিতা আদিৰ লগতে এদল অভিজ্ঞ নাট্যশিল্পীয়ে ।

