হোজাইৰ কোমোৰাকটাৰ নিবাসী তথা কৃতি শিক্ষক হোজাই জিলা সাহিত্য সভাৰ উপ-সভাপতি পদ্ম কান্ত নাথৰ যোৱা ২৫ জানুৱাৰীৰ নিশা গুৱাহাটীৰ এপ’ল হস্পিটেলত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৭ বছৰ। ৰহা দীঘলদৰী গাওঁত ১৯৪৪ খৃষ্টাব্দত (আনুমানিক) জন্ম লাভ কৰা প্ৰয়াত নাথে বিগত প্ৰায় পঞ্চাশ বছৰ হোজাইৰ সমাজ জীৱনৰ লগত জড়িত আছিল। অসম আন্দোলনৰ এজন কৰ্মী প্ৰয়াত নাথে যোগীজান মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে ২০০২ চনত অৱসৰ গ্ৰহণ কৰা নাথ মৃত্যুৰ সময়ত হোজাই জিলা সাহিত্য সভাৰ উপ-সভাপতিৰ লগতে আজমল গ্ৰুপ অফ কলেজৰ শৈক্ষিক পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭২ চনত হোজাই সাহিত্য সভাৰ অন্যতম প্ৰতিষ্ঠাতা প্ৰয়াত নাথ হোজাই কেন্দ্ৰীয় বিহু সমিতিৰ প্ৰতিস্থাপক সম্পাদক, মধ্য ইংৰাজী শিক্ষক সংস্থাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, হোজাই কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি হোৱাৰ উপৰিও অসম চৰকাৰৰ পাঠ্য পুথি প্ৰকাশন সমিতিৰ সদস্য পদত কাৰ্যনিৰ্বাহ কৰিছিল। শংকৰ আৰু অজান ফকীৰ নামৰ গ্ৰন্থ প্ৰণয়ন কৰা প্ৰয়াত নাথে বহু প্ৰবন্ধ ৰচনা কৰে। কিছুদিন আগতে প্ৰয়াত নাথ হৃদৰোগত আক্ৰান্ত হৈ প্ৰথমে গুৱাহাটীৰ হায়াত চিকিৎসাধীন হৈ আছিল যদিও অৱস্থাৰ কোনো উন্নতি নোহোৱাত পিছত এপলোত ভৰ্ত্তি কৰোৱা হৈছিল। কালি তেখেতৰ পাৰ্থিৱ শৰীৰ হোজাই সাহিত্য সভাৰ সাহিত্যৰথী বেজবৰুৱা ভৱন, কৰ্মস্থলী যোগীজান মধ্য ইংৰাজী বিদ্যালয়, আজমল ফাউণ্ডেচনলৈ নি শেষ শ্ৰদ্ধা নিবেদনৰ কৰা হয় আৰু বিয়লি নিজ বাসগৃহৰ সমীপত শেষ কৃত্য সম্পন্ন কৰা হয়। জিলা সাহিত্য সভাৰ সভাপতি ড: গুণেশ্বৰ শইকীয়া, সম্পাদক অনুপ কুমাৰ বৰঠাকুৰ, হেজাই সাহিত্য সভাৰ সভাপতি ডাঃ চামচুল হক, সম্পাদক দম্বৰু দাহল, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ সাৰদানন্দ দেৱগোস্বামী, হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সম্পাদক, আজমল ফাউণ্ডেচন, জাতীয় বিদ্যালয়, অংকুৰ যুৱ সংঘ, নিখিল ভাৰত বংগ সাহিত্য সন্মিলনী, হোজাই ডিমাছা সাহিত্য সভা, হোজাই নেপালী সাহিত্য সভা আদিয়ে শিক্ষাবিদ জনৰ মৃত্যুত শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, কন্যা সহ বহু আত্মীয়ক এৰি থৈ যায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…