বৰপেটা জিলাৰ হাউলীৰ জয়েন বাজাৰ জেপিএলৰ উদ্যোগত অষ্টম বাৰ্ষিক ক্ৰিকেট খেল প্ৰতিযোগিতা গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ২৬ জানুৱাৰীত দিনৰ এক বজাত চূড়ান্ত খেল খন বঙাইগাওঁ জিলাৰ ছালাবিলা বাশবাৰী ক্ৰিকেট ক্লাব আৰু সৰভোগৰ জামাদ্দাৰবড়ী আজানপীৰ মাছুম মডেল একাডেমী ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয় । উক্ত চূড়ান্ত খেল খন উদ্বোধন কৰে সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ তাৰা প্ৰসাদ দাস আৰু মা পৰাণ ফাউণ্ডেচনৰ সঞ্চালক ছিকান্দৰ আলী আহমেদে । খেল খনত সমাজ কৰ্মী তথা যুৱ ব্যৱসায় ৰেকিবুল ৰহমান ৰিংকু, হাউলীৰ যুৱ ব্যৱসাসী জিয়াৰুল হ’ক , সমাজ কৰ্মী গিয়াচ উদ্দিন আহমেদ সহ ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে । ইয়াৰ পিছত নয়ন মনি আহমেদ আৰু মহিদুল হ’কৰ পৰিচালনাত চূড়ান্ত খেলখন আৰম্ভ হয় । খেল খনত প্ৰথমে ছালাবীলা বাশবাৰী ক্ৰিকেট ক্লাবে বেট ধৰি মুঠ ১৬৮ ৰাণ কৰিবলৈ সক্ষম হয়, ইয়াৰ বিপৰীতে জামাদ্দৰবড়ী আজানপীৰ মাছুম মডেল একাডেমীৰ ক্ৰিকেট দলে আটাইকেইটা উইকেট হেৰুৱাই মুঠ ৭৮ ৰাণ কৰি পৰাজয় বৰণ কৰে । চূড়ান্ত খেল খনত বঙাইগাওঁ জিলাৰ ছালাবিলা বাশবাৰী ক্ৰিকেট ক্লাবে বিজয়ৰ ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছে । বিগত ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা মাহযোৰা ক্ৰিকেট প্ৰতিযোগিতা খনত মুঠ ৩০ টা দলে যোগদান কৰিছিল বুলি খেল পৰিচালনা সমিতিৰ উপ সভাপতি জাহিদুল ইছলামে জানিবলৈ দিয়ে । চূড়ান্ত খেল খন বিছ হেজাৰৰো অধিক দৰ্শকে উপভোগ কৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…