অসম মন্ত্রীসভাত বৃহৎ সাল-সলনি। সলনি হ’ল কেইবাগৰাকী মন্ত্ৰীৰ দপ্তৰ। (Assam Ministry)

বহুকেইগৰাকী মন্ত্ৰীৰ পৰা কৰ্তন হ’ল কেইবাটাও দপ্তৰ।

নতুনকৈ মন্ত্ৰিত্ব লাভ কৰা কৌশিক ৰায়ক, খাদ্য আৰু অসামৰিক যোগান, খনি আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ দায়িত্ব প্ৰদান।(Assam Ministry)

কৃষে্ন্দু পালক পশু পালন, মীন, PWD(পথ), বিভাগৰ দায়িত্ব, ৰূপেশ গোৱালক, চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগ, কাৰাগাৰ আৰু হোমগাৰ্ড দপ্তৰৰ দায়িত্ব। আনহাতে প্ৰশান্ত ফুকন, শক্তি, দক্ষতা নিয়োগ, উদ্যমিতা বিভাগ আৰু
চিকিৎসা-শিক্ষা আৰু গৱেষণা বিভাগৰ দায়িত্ব।

কেশৱ মহন্তৰ পৰা কৰ্তন হ’ল আবকাৰী আৰু পৰিবহণ বিভাগ। মন্ত্ৰী অতুল বৰাক আবকাৰী বিভাগৰ দায়িত্ব। জয়ন্ত মল্ল বৰুৱাৰ পৰ্যটন বিভাগ কৰ্তন। ৰণজিত কুমাৰ দাসক পৰ্যটন বিভাগৰ দায়িত্ব। কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ দায়িত্ব। অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ দায়িত্ব। জয়ন্ত মল্ল বৰুৱাক অতিৰিক্তভাৱে চহৰ আৰু নগৰ পৰিক্ৰমা বিভাগৰ দায়িত্ব। নন্দিতা গাৰ্লোছাক লোকনিৰ্মাণ, ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ দায়িত্ব প্ৰদান।

