চুবুৰীয়া বাংলাদেশত যিধৰণে সংখ্যালঘু হিন্দুৰ ওপৰত নিৰ্মম অত্যাচাৰ চলিছে, তাক দেখি আমি বেদনা পাইছোঁ: মুখ্যমন্ত্ৰী

চুবুৰীয়া বাংলাদেশত যিধৰণে সংখ্যালঘু হিন্দুৰ ওপৰত নিৰ্মম অত্যাচাৰ চলিছে, তাক দেখি আমি বেদনা পাইছোঁ: মুখ্যমন্ত্ৰী

যি দেশৰ জনসাধাৰণে ধৰ্মীয় গোড়ামিক প্ৰশ্ৰয় দিয়ে, তেনে দেশে সংখ্যালঘুসকলক নিৰাপত্তা দিব নোৱৰা হয় ৷ এইক্ষেত্ৰত ভাৰতে ধৰ্মীয় নিৰাপত্তাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে৷ আন দেশসমূহে ভাৰতৰ পৰা শিকা উচিত । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সৰুপথাৰৰ এক বিশেষ অনুষ্ঠানত দিয়া মন্তব্য় অনুসৰি কয় যে- সৰুপথাৰৰ নগাজৰী খনিকৰ গাঁৱত উদ্ধাৰ হোৱা চতুৰ্থ শতিকাৰ শিলালিপিখনেই হ’ল উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি শিলালিপি৷ বৰপথাৰত উদ্ধাৰ হোৱা এখন শিলালিপিও সেই সময়ৰ আগৰ৷ এই শিলালিপিত লিখিত ভাষা আছিল অসমীয়া ভাষা৷ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাত এই দুয়োখন শিলালিপিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

Related Articles