ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱস ৩০ জানুৱাৰীত বৰপেটা জিলাতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় চৌহদৰ পৰা এই উপলক্ষে পুৱা উলিওৱা এটি শোভাযাত্ৰা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আনুষ্ঠানিকভাৱে পতাকা জোকাৰি মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত উপায়ুক্ত গৰাকীয়ে কয় যে, এই ৰোগ কোনো পাপৰ ফল নহয়। বৰ্তমানৰ সময়ৰ বাবে ই সাধাৰণ বেমাৰত পৰিণত হৈছে আৰু ইয়াৰ চিকিৎসা অতি সুলভ বুলি তেওঁ মন্তব্য কৰে। তেওঁ স্বাস্থ্য কৰ্মী সকলক ৰোগ বিধৰ বিষয়ে জন সজাগতা সৃষ্টিত ব্ৰতী হবলৈ আহ্বান জনায়। অনুষ্ঠানত যুটীয়া স্বাস্থ্য সঞ্চালক ডা তীৰ্থনাথ শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডা প্ৰমথেশ শৰ্মা আদিও উপস্থিত থাকে। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা শতাধিক স্বাস্থ্য কৰ্মীয়ে হাতে হাতে “কুষ্ঠ ৰোগ জন্ম বা বংশগত নহয়”, “সুচিকিৎসাৰে কুষ্ঠ ৰোগৰ পৰা সহজে আৰোগ্য হব পাৰে” আদি বেনাৰ, প্লেকাৰ্ড লৈ শ্লোগান দি চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰে। পিছত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই উপলক্ষে এখন ৰাজহুৱা সজাগতা মূলক সভাও অনুষ্ঠিত হয়। সভাত যুটীয়া স্বাস্থ্য সঞ্চালক ডা শৰ্মাই কয় যে কুষ্ঠ ৰোগৰ উপযুক্ত সময়ত চিকিৎসা কৰিলে সহজে আৰোগ্য লাভ কৰিব পাৰি। তাৰ বাবে এই ৰোগৰ যিকোনো লক্ষণে দেখা দিলে লগে চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগে। এনে ৰোগত আক্ৰান্ত ৰোগী সকলক বিনামূলীয়া ঔষধ-পাতিৰ উপৰি মাহে পাচঁশ টকাৰ অৰ্থ সাহায্যও প্ৰদান কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অনুৰাগী অবাকঃ ভঙা হাতেৰে কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ ঐশ্বৰ্য ৰায় বচ্চনৰ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…
- বিজেপিৰ হৈ সেৱা কৰিব বুলি মিছা কৈছিল আনন্দ মিশ্ৰইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…
- কেন্দ্ৰীয় খাদ্য সুৰক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা ! ফল পকোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব কেলচিয়াম কাৰ্বাইড…
- ঢেকীয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত…
- পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ জিৰিবাছা ভেটাপাৰাত হাতী-মানুহৰ সংঘাত, নিহত এজন…
- মৰিধল মহাবিদ্যালয়ৰ ইংৰাজী আৰু দৰ্শন বিভাগৰ উদ্যোগত ICSSR Sponsored ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন…
- Cannes চলচ্চিত্ৰ মহোৎসৱত কাৰ সৈতে অসমীয়াত কথা পাতিলে আইমী বৰুৱাই…
- কন্যা সুহানা খানৰ সৈতে বলীউডৰ কিং খান আই পি এলৰ দৰ্শক হ’ব নেকি বৰ্ষাপাৰাত…
- আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ, বৰষুণে বিঘিনি ঘটাব নেকি মেচত! ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা…