Bollywood: প্ৰতাৰণা কৰাৰ অভিযোগত দিল্লী আদালতৰ চমন প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক

আইনী সমস্যাত পৰিছে বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ। প্ৰবীণ অভিনেতাগৰাকীৰ বিৰুদ্ধে আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগ উঠিছে । দিল্লী আদালতে তেওঁক চমন প্ৰেৰণ কৰিছে। দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টে ধৰ্মেন্দ্ৰৰ লগতে আন দুজনক চমন জাৰি কৰিছে। দিল্লীৰ ব্যৱসায়ী সুশীল কুমাৰৰ অভিযোগৰ ভিত্তিত ধৰ্মেন্দ্ৰক চমন জাৰি কৰা হয়। ব্যৱসায়ীজনে ধৰ্মেন্দ্ৰৰ ৰেষ্টুৰেণ্ট গৰম ধৰম ধাবাৰ ফ্ৰেঞ্চাইজিক লৈ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে। সুশীল কুমাৰৰ অভিযোগৰ পিছতে ন্যায়িক দণ্ডাধীশ যশদীপ চাহালে এই চমন জাৰি কৰিছে। অভিযোগ অনুসৰি গৰম ধৰম ধাবাত বিনিয়োগ কৰাৰ নামত তেওঁক বিপথে পৰিচালিত কৰা হৈছিল। ৫ ডিচেম্বৰত ন্যায়াধীশে জনোৱা মতে অভিযোগকাৰীয়ে প্ৰদান কৰা প্ৰমাণৰ পৰা দেখা গৈছে যে অভিযুক্তই নিজৰ স্বাৰ্থৰ বাবেই প্ৰতাৰণা কৰিছিল। ন্যায়ালয়ে ধৰ্মেন্দ্ৰ আৰু বাকী দুজন ব্যক্তিক প্ৰৱঞ্চনাৰ ৪২০ ধাৰা, ষড়যন্ত্ৰৰ ১২০ বি ধাৰা, আৰু আই পি চিৰ ৩৪ ধাৰাত আদালতত হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়ে। এতিয়া এই গোচৰৰ আঁৰৰ কাহিনী জানো আহক। ধৰ্মেন্দ্ৰৰ দুই সহযোগীয়ে ২০১৮ চনত ব্যৱসায়ী সুশীল কুমাৰৰ সৈতে যোগাযোগ কৰি উত্তৰ প্ৰদেশৰ ২৪ আৰু ৯ নং ৰাষ্ট্ৰীয় ঘাইপথত গৰম ধৰম ধাবা খোলাৰ প্ৰস্তাৱ দিছিল। দিল্লীৰ কৰ্ণাটক প্লেচ আৰু হাৰিয়ানাৰ মুৰ্থালত থকা ৰেষ্টুৰেণ্টখনৰ শাখাই প্ৰতিমাহে প্ৰায় ৭০-৮০ লাখ টকাৰ ব্যৱসায় কৰে বুলি কৈ দিল্লীস্থিত ব্যৱসায়ীগৰাকীয়ে ‘লোভ’ দেখুৱাইছিল। সুশীল কুমাৰে কয় যে তেওঁক ৪১ লাখ টকা বিনিয়োগ কৰিবলৈ কোৱা হৈছিল। এই বিনিয়োগৰ পৰা ৭ শতাংশ লাভ দিব বুলি কোৱা দুয়োজন ব্যক্তিৰ সৈতে কেইবাখনো বৈঠক আৰু ই-মেইল আলোচনা কৰিছিল সুশীলে। দিল্লীৰ ব্যৱসায়ীজনক ৬৩ লাখ টকা আৰু তাৰ লগতে কৰ দিবলৈও কোৱা হৈছিল।সুশীল কুমাৰৰ মতে ২০১৮ চনৰ ২২ ছেপ্টেম্বৰত তেওঁ এখন কাগজত স্বাক্ষৰ কৰা কৰিছিল। সকলো ব্যৱসায়িক চৰ্ত সেই পত্ৰখনত লিখা হৈছিল। প্ৰায় ১৮ লাখ টকাৰ চেকসহ নগদ ধন ৫০ লাখ দিয়াৰ পিছৰ পৰাই সুশীল কুমাৰৰ ফোন কলৰিচিভ কৰা বন্ধ কৰে। সুশীল কুমাৰে অভিযোগ কৰে যে তেওঁক প্ৰতাৰণা কৰা হৈছে। এই বিত্তীয় জালিয়াতিৰ গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীত। এই দিনটোত ধৰ্মেন্দ্ৰক আদালতত হাজিৰ হ’বলৈ কোৱা হৈছে।

Related Articles