অগ্নিনিৰ্বাপক বাহিনীয়ে দিনে নিশাই জুই নিৰ্বাপনৰ বাবে কাম কৰি আছে। প্ৰিয়ংকা চোপ্ৰাই দিলে এটা বাৰ্তা। অভিনেত্ৰীগৰাকী নিজেই এতিয়া আমেৰিকাৰ বাসিন্দা।(Priyanka Chopra)
লছ এঞ্জেলছৰ পেচিফিক পেলিছাডছ অঞ্চলত ভয়াৱহ জুই। জুই ইমানেই বিয়পি পৰিছে যে জুই নুমুৱাবলৈ পৰ্যাপ্ত পানী নাই। লেলিহানৰ অগ্নিকাণ্ডত হলিউডৰ তাৰকাসকলৰ ঘৰো জ্বলি যায়। ভুক্তভোগী তাৰকাসকলৰ ভিতৰত আছে পেৰিছ হিল্টন, এন্থনী হপকিন্স, মেণ্ডী মূৰ। লছ এঞ্জেলছৰ অগ্নিকাণ্ডক লৈ হলিউডৰ তাৰকাসকলেও ছ’চিয়েল মিডিয়াত উদ্বেগ প্ৰকাশ কৰিছে।

অগ্নিনিৰ্বাপক বাহিনীয়ে দিনে নিশাই জুই নিৰ্বাপনৰ বাবে কাম কৰি আছে। প্ৰিয়ংকা চোপ্ৰাই দিলে এটা বাৰ্তা। অভিনেত্ৰীগৰাকী নিজেই এতিয়া আমেৰিকাৰ বাসিন্দা। তেওঁ এতিয়া হলিউডৰ এক পৰিচিত মুখ। গতিকে এই ঘটনাক লৈ তেওঁও চিন্তিত। ছ’চিয়েল মিডিয়াত প্ৰিয়ংকাই লিখিছে, ‘যিসকলে এই জুই নুমোৱাবলৈ আৰম্ভণিৰে পৰা চেষ্টা কৰি আছে তেওঁলোকক ধন্যবাদ। যিসকলে ভুক্তভোগীৰ পৰিয়ালক সহায় কৰি আহিছে তেওঁলোককো ধন্যবাদ।”
ইয়াৰ পূৰ্বে ‘দেশী গাৰ্ল’ই ছ’চিয়েল মিডিয়াত ডাবালানৰ ভিডিঅ’ শ্বেয়াৰ কৰি উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁ লিখিছে, “জুইৰ ফলত ক্ষতিগ্ৰস্ত সকলোৰে বাবে প্ৰাৰ্থনা। আশাকৰোঁ ৰাতিলৈকে সকলো ঠিক হৈ যাব।”পেচিফিক পেলিছাডেছ লছ এঞ্জেলছৰ অন্যতম অভিজাত চুবুৰী। ইয়াত বহুতো তাৰকাৰ বাসগৃহ আছে।

