শিল্পী দিৱসৰ লগত সংগতি ৰাখি ১২ জনকৈ চহা শিল্পীক সম্বৰ্ধনা

১৭ জানুৱাৰী, ২০২৫ঃ কেঁচা সোনৰ অসমীয়া গহণাৰ অগ্ৰণী প্ৰতিষ্ঠান ‘ডুগডুগী’ৰ স্বৰ্তাধিকাৰী তথা যুৱ সমাজকৰ্মী উৎপল বনিয়াই বিগত দহ বছৰ ধৰি শিল্পী দিৱসৰ লগত সংগতি ৰাখি চহা শিল্পীসকলক সম্বৰ্ধনা জনাই উৎসাহিত কৰি আহিছে ৷


ইয়াৰ অংশহিচাপে আজি নগাঁও জিলাৰ চকলাঘাটৰ হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতিৰ উদ্যোগত তথা চকলাঘাট শাখা সাহিত্য সভা আৰু চকলাঘাট ৰাস মন্দিৰৰ সহযোগত আয়োজিত শিল্পী দিৱসত সমাজপ্ৰিয় যুৱক উৎপল বনিয়াই তিনিগৰাকী প্ৰবীন শিল্পীক সম্বৰ্ধনা জনাই ৷

এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত তেওঁ সত্ৰীয়া শিল্পী কেহুৰাম বৰা, প্ৰবীন অভিনেতা দেৱ কুমাৰ বৰা আৰু লোকশিল্পী অজিত বৰাক ফুলাম গামোচা, জাপি, চেলেং, গছপুলি আৰু স্মাৰকেৰে আনুষ্ঠানিকভাবে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ তদুপৰি ইয়াৰ পিছতে উদ্যমী যুৱ ব্যৱসায়ী উৎপল বনিয়াই বিশিষ্ট সংগীত শিল্পী দিলীপ শইকীয়া, বিশিষ্ট অভিনেত্ৰী মদিনা দাস, কুটীৰ শিল্পৰ শিল্পী গোলাপ বৰা, চিত্ৰ শিল্পী শম্ভু শইকীয়া, ভাওনাৰ সাজ সজ্জা তৈয়াৰী শিল্পী জিতেন ডেকা, সংগীত শিল্পী খগেন নাথ, কুটীৰ শিল্পৰ শিল্পী অৰবিন্দ নাথ, মুকেশ শইকীয়া আৰু প্ৰেমেশ্বৰ দাসক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱা হয় ।

Related Articles