ডিব্ৰুগড়ত সদ্য প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি আমছু খিলঞ্জীয়াৰ।(Rajib Sadiya)মহানগৰখনৰ ফুলবাগান চাৰিআলিত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়া ডিব্ৰুগড় জিলা সমিতিয়ে অনুষ্ঠিত কৰা এই শ্ৰদ্ধাঞ্জলি কায্যসূচীত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ, সদৌ অসম বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ কৰ্মকৰ্তাৰ কেইবাজনো সমাজ সেৱক আৰু গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।
উল্লেখ্য যে প্ৰয়াত শিল্পীৰ গৰাকীৰ পত্নীৰ লগতে পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে সংগঠনটোৱে। ইফালে ৰাজীৱ শদিয়াকলৈ মন্তব্য কৰা জুবিন গাৰ্গৰ বিৰুদ্ধেও প্ৰতিক্ৰিয়া ব্যক্ত কৰে দলকেইটাৰ বিষয়-ববীয়াই।

