আজি ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। সোমবাৰে প্ৰায় ১০:৩০ বজাত(Nita Ambani’s Fashion) এই অনুষ্ঠান অনুষ্ঠিত হ’ব। তাৰ মাত্ৰ দুদিন পূৰ্বে ট্ৰাম্পে বিশেষ ৰাতিৰ আহাৰ গ্ৰহণৰ আয়োজন কৰিছিল। সেই অনুষ্ঠানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত ১০০ গৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছিল। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ, পৰিচালন সঞ্চালক মুকেশ আম্বানী আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ নীতা আম্বানীকো ডিনাৰত দেখা যায়।
ইতিমধ্যে নীতা আম্বানী ‘ফেশ্বন আইকন’ হিচাপে পৰিচিত। আকৌ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিমন্ত্ৰণ! নীতা আম্বানী য’তেই যায় তাতেই নিজৰ অনন্য ৰুচি লৈ আহে। সাধাৰণ মানুহেও তেওঁৰ সাজ-পোছাকক লৈ কৌতুহলী। অগণন মানুহৰ মাজত নীতাই নিজৰ উপস্থিতি পৃথক কৰিব পাৰে।
ট্ৰাম্পৰ আমন্ত্ৰণত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ গৈছিল নীতাই সৰু ফোট, লাইট লিপষ্টিক আৰু কাঞ্চিপুৰম ৰেচমৰ শাৰী পিন্ধি। নীতাৰ গহনা সংগ্ৰহও আকৰ্ষণীয়। ইতিমধ্যে নীতাৰ বয়স ৬০ৰ পাৰ হৈছে। তথাপিও তেওঁৰ সৌন্দৰ্য্য অতি আকৰ্ষণীয়।

