Sanjay Roy: দেশ কঁপোৱা আৰ জি কৰ কাণ্ডৰ মাষ্টাৰ মাইণ্ড সঞ্জয় ৰয়ৰ যাৱজ্জীৱন কাৰাদণ্ড!

দেশ কঁপোৱা আৰ জি কৰ কাণ্ডৰ মাষ্টাৰ মাইণ্ড সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ড দিলে আদালতে। শনিবাৰে আদালতে দোষী সাব্যস্ত কৰিছিল সঞ্জয় ৰয়ক।(Sanjay Roy)লগতে সঞ্জয় ৰয়ক ৫০ হাজাৰ টকাৰ জৰিমনা বিহা হয়। শিয়ালদহ আদালতে ঘোষণা কৰিলে সঞ্জয় ৰয়ৰ শাস্তি।

আৰ জি কাৰ ধৰ্ষণ-হত্যাৰ গোচৰত সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে ছিলডা আদালতে। পুৱাৰে পৰা সঞ্জয়ৰ ঘৰত ভিৰ কৰিছে সাংবাদিকৰ। আনহাতে ওচৰ-চুবুৰীয়াই কয় যে সঞ্জয়ৰ মাতৃ মানসিকভাৱে সম্পূৰ্ণ সুস্থ নহয়।

যোৱা ২০২৪ বৰ্ষৰ ৯ আগষ্টত আৰ জি কৰ হাস্পতালত এগৰাকী যুৱতী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। এই জঘন্য ঘটনাৰ ৫ মাহ পাছত কলকাতাৰ শিয়ালদহ আদালতে ঘোষণা কৰিলে।

ইয়াৰ পূৰ্বে আদালতে সঞ্জয়ক আৰ জি কৰ গোচৰত দোষী সাব্যস্ত কৰিছিল। সোমবাৰে বিয়লি ন্যায়াধীশ অনিৰ্বান দাসে কয় যে ভাৰতীয় দণ্ডবিধিৰ তিনিটা ধাৰাত — ৬৪, ৬৬ আৰু ১০৩(১) — সঞ্জয়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। তেওঁ আজীৱন জেলত থাকিব লাগিব।

Related Articles