২০ জানুৱাৰী,২০২৫ঃ deer meat in Gosaigaon। গোসাঁইগাঁও মহকুমাৰ ৰাইমোনা ৱেষ্টাৰ্ন ফৰেষ্ট ৰেঞ্জৰ অধিনত থকা ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানৰ সমিপত বাংতিঝোৰা গাঁৱৰ পৰা দুজন চোৰাং চিকাৰীক আটক কৰে বন কৰ্মীয়ে ।পুৱতি নিশা গোপন তথ্যৰ ভিত্তিত বাংতিঝোৰা গাঁৱত সুগৰী পহু হত্যা কৰি ভোগাই থকা সময়তে অভিযান চলাই দুজনক আটক কৰিবলৈ সক্ষম হয় ।
ৰাইমোনা ৰাস্ত্ৰীয় উদ্যানৰ পৰা উলাই আহিছিল সুগৰী পহুটোয়ে।দুজন চোৰাং চিকাৰী ক্ৰমে বাংতিঝোৰা গাঁৱৰ লেডুম বাস্কে (৫৪) আৰু গুংগা টুডু (৭৪) । ৰাইমোনা ৱেষ্টাৰ্ন ফৰেষ্ট ৰেঞ্জৰ উপ ৰেঞ্জাৰ গণলাল বসুমাতাৰীৰ নেতৃত্বত অভিযান চলাই দুজন চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় ।
চোৰাং চিকাৰীৰ লগত সুগৰী পহুৰ মাংস উদ্ধাৰ কৰে বন কৰ্মীয়ে ।

