২০ জানুৱাৰী, ২০২৫ঃMariani । মৰিয়ানি সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । এটা বিশেষ আৰক্ষীৰ দলে মৰিয়নিৰ সীমান্তবৰ্তী নিউ সোনোৱালত চলাইছে অভিযান ।
বিশেষ আৰক্ষীৰ দলটোৱে এখন ম’বাইল দোকানত অভিযান চলাই জব্দ কৰিছে ৭ গ্ৰাম ড্ৰাগছ। প্ৰায় দুঘণ্টা সময় ধৰি ম’বাইল দোকানখনত চলাই আছে অভিযান । আৰক্ষীয়ে অভিযান চলোৱা দোকানখন ৰিকি দত্ত নামৰ এজন যুৱকৰ বুলি জানিব পৰা গৈছে।আৰক্ষীয়ে আটক কৰিছে ৰিকি দত্ত নামৰ যুৱকজনক।
বৰ্তমানেও আৰক্ষীৰ অভিযান চলি আছে দোকানখনত।ৰিকি দত্তই দীৰ্ঘদিনৰ পৰা চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায় ।সীমান্তবৰ্তী অঞ্চলসমূহত দ্ৰুতগতিত বৃদ্ধি পাইছে ড্ৰাগছৰ ব্যৱসায় ।

