২১ জানুৱাৰী, ২০২৫ঃ IIT । Awareness workshop। অসমৰ চাহ পৰ্যটনক এক বিশেষ মাত্ৰা প্ৰদানেৰে চাহ বাগিচাসমূহক পৰ্যটনস্থলী আৰু গ্ৰাম্য গৃহস্থান গঢ়ি তোলাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে ভাৰত চৰকাৰৰ ক্ষুদ্ৰ ঔদ্যোগিক বিত্তীয় প্ৰতিষ্ঠানৰ অধীনত আৰু গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ উদ্যোগত সোমবাৰে চাহ পৰ্যটনৰ এখন সজাগতা কৰ্মশালা অনুষ্ঠিত হয়। তিতাবৰৰ ঠেঙ্গাল কছাৰী সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ৰ গিৰিধৰ ঠেঙাল সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আৰু গুৱাহাটীৰ ‘আই আই ই’ৰ পাঠ্যক্ৰম সঞ্চালক প্ৰশান্ত কুমাৰ গোস্বামীয়ে আঁত ধৰা কৰ্মশালাত তিতাবৰ সমজিলাৰ লগতে বিভিন্ন জিলাৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।
বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা আৰু গুৱাহাটীৰ পৰ্যটন বিশেষজ্ঞ তথা মুখ্য সমল ব্যক্তি অৰিজিৎ পুৰকায়স্থ, বিটিএডিৰ ভেৰগাঁও চাহ বাগিচা পৰিচালক নৱ প্ৰকাশ বৰা, ভাৰতীয় চাহ সংস্থাৰ সম্পাদক দীপাঞ্জল ডেকা, টী ব’ৰ্ডৰ সহকাৰী সঞ্চালক নিপুণ বৰ্মন, চাহ পৰ্যটনৰ উপ-সঞ্চালক বাথাই খুংগু বড়ো, যোৰহাট আৰু মাজুলীৰ পৰ্যটন উন্নয়ন বিষয়া মাধৱ দাস, এবিটাৰ সম্পাদক মৃন্ময় বৰুৱা আদিয়ে প্ৰশিক্ষণ প্ৰদান কৰে ।
ভেৰগাঁও চাহ বাগিচাৰ পৰ্যটন বিশেষজ্ঞ গীতালি বৰুৱা, ‘আই আই ই’ গুৱাহাটীৰ দক্ষতা উন্নয়ন বিশেষজ্ঞ মোহন চন্দ্ৰ দাস আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা কৰ্মশালাত ‘আই আই ই’ৰ পাঠ্যক্ৰম সঞ্চালক প্ৰশান্ত কুমাৰ গোস্বামীয়ে প্ৰধানমন্ত্ৰী বন ধন যোজনাত জড়িত হৈ জনজাতীয় স্বনিৰ্ভৰশীলতাৰ ভেঁটি শক্তিশালী কৰি তুলিবলৈ আহ্বান জনোৱাৰ লগতে ‘আই আই ই’ বিষয়া প্ৰেমা পাণ্ডেই চাহ পৰ্যটনৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়াই শলাগ জ্ঞাপন কৰে।

