Illegal Immigrants: অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ ট্ৰাম্পৰ কাৰ্যক সমৰ্থন! ভিছা পলমক লৈ প্ৰশ্ন মোডী চৰকাৰৰ

ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা দেশখনলৈ অবৈধ অনুপ্ৰৱেশ বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। (Illegal Immigrants)ট্ৰাম্প প্ৰশাসনে নথি-পত্ৰ অবিহনে আমেৰিকাত থকাসকলক নিজৰ দেশলৈ পঠিয়াই দিব বিচাৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও আমেৰিকাৰ এই পদক্ষেপক সমৰ্থন জনাইছে। একে সময়তে তেওঁ ট্ৰাম্প প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিছিল আমেৰিকান ভিছা লাভৰ বাবে ভাৰতীয়সকলে অপেক্ষা কৰি থকা বিষয়টোও।(s jaishankar)

নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ প্ৰতিনিধি হিচাপে ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ। ভ্ৰমণৰ সময়ত তেওঁ কোৱাডৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে সাক্ষাৎ কৰাৰ উপৰিও আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱালজৰ সৈতেও সাক্ষাৎ কৰে। ট্ৰাম্প প্ৰশাসনৰ দুগৰাকী নেতাৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বিষয়ত আলোচনাত মিলিত হয়। পিছত বৈদেশিক মন্ত্ৰীয়ে ৱাশ্বিংটনত থকা ভাৰতীয় দূতাবাসৰ পৰা এই ভ্ৰমণ আৰু বৈঠকৰ মূল আলোকপাত দাঙি ধৰে। তেওঁ কয় যে ট্ৰাম্প প্ৰশাসনে ভাৰতৰ সৈতে বন্ধুত্বক অতি গুৰুত্বসহকাৰে লৈছে।

শেহতীয়াকৈ ব্লুমবাৰ্গৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ট্ৰাম্প প্ৰশাসনে আমেৰিকাত বসবাস কৰা প্ৰায় ১৮ হাজাৰ অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিছে। আমেৰিকাই তেওঁলোকক ভাৰতলৈ ঘূৰাই পঠিয়াব বিচাৰিছে। পিছত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালেও কয় যে অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ ক্ষেত্ৰত ৱাশ্বিংটনে নতুন দিল্লীৰ সহযোগিতা বিচাৰিছে।

জয়শংকৰে ট্ৰাম্প প্ৰশাসনৰ সৈতে হোৱা বৈঠকতো এই বিষয়ে আলোচনা কৰে। দূতাবাসত এই বিষয়ে সোধাত তেওঁ কয় যে অনুপ্ৰৱেশৰ ক্ষেত্ৰত আমাৰ নীতিগত স্থিতি আছে, যিটো প্ৰতিখন দেশৰ বাবে প্ৰযোজ্য। আমি সদায় আইনী অনুপ্ৰৱেশক সমৰ্থন কৰো। আমি বিশ্বব্যাপী কৰ্মক্ষেত্ৰত বিশ্বাস কৰোঁ। “আমি বিচাৰো ভাৰতীয়সকলৰ প্ৰতিভা আৰু দক্ষতাই বিশ্বৰ সৰ্বোত্তম সুযোগ লাভ কৰক।” একে সময়তে জয়শংকৰে এই কথাও স্পষ্ট কৰি দিলে যে কোনো কাৰণতে অবৈধ অনুপ্ৰৱেশ গ্ৰহণযোগ্য নহয়। বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে আমি অবৈধ ভ্ৰমণ আৰু অনুপ্ৰৱেশৰ তীব্ৰ বিৰোধিতা কৰোঁ। কাৰণ যেতিয়াই কোনো অবৈধ কাণ্ড সংঘটিত হয় তেতিয়াই ইয়াৰ লগত আন বহুতো অবৈধ কাম জড়িত হৈ থাকে। “এয়া দেশৰ সুনামৰ বাবে ভাল নহয়।”

তেওঁ কয় যে যদি কোনো দেশত কোনো অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰী থাকে আৰু যদি দিল্লীয়ে নিশ্চিত হয় যে তেওঁ ভাৰতীয় নাগৰিক, তেন্তে তেওঁক ভাৰতলৈ ঘূৰাই ল’বলৈ কেন্দ্ৰ সদায় সাজু। এই কথা কেৱল আমেৰিকাৰ ক্ষেত্ৰতে নহয়, সকলো দেশৰ ক্ষেত্ৰতো প্ৰযোজ্য। ইয়াৰ দ্বাৰা ভাৰতীয়সকলে সংশ্লিষ্ট দেশসমূহলৈ বৈধভাৱে যাত্ৰা কৰাত সহজ হ’ব বুলি বৈদেশিক মন্ত্ৰীগৰাকীয়ে বিশ্বাস কৰে। অৱশ্যে ব্লুমবাৰ্গৰ প্ৰতিবেদনত উল্লেখ কৰা ১৮ হাজাৰ অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত তেওঁ কোনো মন্তব্য দিব নিবিচাৰে। জয়শংকৰে কয় যে বিষয়টো স্পৰ্শকাতৰ। গতিকে, তেওঁলোক ভাৰতীয় নাগৰিক নে নহয় সেইটো আমি পৰীক্ষা কৰিব লাগিব।

অৱশ্যে জয়শংকৰে ট্ৰাম্প প্ৰশাসনৰ সৈতে দ্বিপাক্ষিক আলোচনাত বৈধভাৱে আমেৰিকা ভ্ৰমণৰ ক্ষেত্ৰত ভাৰতীয়সকলে সন্মুখীন হোৱা সমস্যাসমূহৰ ওপৰতো আলোকপাত কৰে। আইনগতভাৱে আমেৰিকালৈ যোৱাসকলে ভিছা লাভ কৰিবলৈ বহু সময় অপেক্ষা কৰিবলগীয়া হয়। এই কথা তেওঁ আমেৰিকান প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিছিল। পিছত ভাৰতীয় দূতাবাসৰ পৰা বৈদেশিক মন্ত্ৰীয়ে কয় যে, “যদি সাধাৰণ নাগৰিকে ভিছা লাভ কৰিবলৈ ইমান সময় লাগে, তেন্তে (দ্বিপাক্ষিক) সম্পৰ্ক সঠিকভাৱে বজাই ৰখা হোৱা নাই।” ভিছাৰ এই পলমৰ ফলত ব্যৱসায় আৰু পৰ্যটনত প্ৰভাৱ পৰিছে। আমাৰ সম্পৰ্কৰ ভেটি হৈছে মানুহৰ মাজত যোগাযোগ ৰখা। “

Related Articles