অসম সাহিত্য সভা এক অবিৰত শোভাযাত্ৰা,(Assam Sahitya Sabha) পাঠশালা অধিৱেশনে এই ১০৮ বছৰীয়া শোভাযাত্ৰাক আৰু অধিক বিশাল-বৰ্ণাঢ্য ৰূপত আগুৱাই লৈ যাওক। অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালাঃ বজালী অধিৱেশন ২০২৫ৰ আনুষ্ঠানিক আমন্ত্ৰণ গ্ৰহণ কৰি নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাই আগন্তুক পাঠশালা অধিৱেশনৰ সৰ্বাংগ-সুন্দৰতা কামনাৰে এইদৰে মংগল বাণী প্ৰদান কৰে।
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ আদৰণী সমিতিৰ তৰফৰ পৰা যুটীয়া সম্পাদক অতুল কলিতা, কাৰ্যালয়ৰ সহকাৰী সম্পাদক বৰুণ দাস, খ্ৰীষ্টানবস্তি শাখা সাহিত্য সভাৰ সম্পাদক অচ্যুত কলিতাৰ নেতৃত্বত যোৱা এটা সজাতি দলে নৱনিৰ্বাচিত প্ৰধান সম্পাদকগৰাকীৰ লগতে তেখেতৰ পত্নী ৰুমী বৈৰাগী বৰা আৰু পুত্ৰ নৈবেদ্য নিয়ৰ বৰাক গুৱাহাটীৰ চান্দমাৰীস্থিত বাসগৃহত উপস্থিত হৈ তামোল-পাণৰ শৰাই, ফুলাম গামোচা, আমন্ত্ৰণ পত্ৰৰে অধিৱেশনলৈ সশ্ৰদ্ধ আমন্ত্ৰণ আগবঢ়ায়।

