প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আজি ৯ বছৰীয়া বিবাহ বাৰ্ষিকী। মাঘ বিহুৰ উৰুকা দিনা (Rajib Sadiya) কন্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল। তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশনৰ মাজতে হৃদৰোগত আক্ৰান্ত হৈ মঞ্চতে ঢলি পৰিছিল শিল্পীগৰাকী৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত চিকিৎসাধীন হৈছিল যদিও নিয়তিৰ ওচৰত হাৰ মানিলে শিল্পীগৰাকীয়ে, উৰুকাৰ আনন্দৰ মাজতে শিল্পীগৰাকীয়ে মৃত্যুক সাৱটিলে।
গণশিল্পীগৰাকীৰ বিয়োগত বিভিন্নজনে শোকপ্ৰকাশ কৰিছে। ৰাজনৈতিক, সাংস্কৃতিক জগতৰ ব্যক্তিৰ লগতে অজস্ৰ গুণমুগ্ধই গণশিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে। বিভিন্ন জনে শিল্পীগৰাকীৰ ঘৰলৈ গৈ দুৰ্ভগীয়া পৰিয়ালটোক সাহস দিয়ে। প্ৰতিভাবান সংগীতশিল্পী ৰাজীৱ শদিয়াৰ গীতে-মাতে সমাজ জীৱনক চিন্তাৰ খোৰাক যোগাইছিল। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্ভগীয়া পৰিয়ালটোলৈ পাঁচ লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াই। বিধায়ক বলিন চেতিয়াই শিল্পীগৰাকীৰ পত্নীৰ হাতত পাঁচ লাখ টকাৰ চেক আগবঢ়াই।
আনহাতে আজি প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আজি ৯ বছৰীয়া বিবাহ বাৰ্ষিকী। সামাজিক মাধ্যমত গীতেৰে স্বামীক সুঁৱৰিলে পত্নীয়ে।

