৩১ জানুৱাৰী, ২০২৫ঃ Dibrugarh । পবিত্ৰ মে-ডাম-মে-ফী উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো দিনযোৰা কাৰ্যসূচীৰে উপৰিপুৰুষ সকলক সোঁৱৰণ কৰি ঐতিহ্যবাহী কাৰ্যসূচী উদযাপন কৰা হয়। ডিব্ৰুগড়ৰ টাই ভাষা আৰু কৃষ্টি-সংস্কৃতিৰ অন্যতম কেন্দ্ৰ টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত প্ৰতিবছৰৰ দৰে এইবাৰো মে-ডাম-মে-ফী উৎসৱৰ আয়োজন কৰা হয়।
অনুষ্ঠানৰ আৰম্ভণিতে ড্ৰেগন অংকনে সোণালী পতাকা উত্তোলন কৰে। তাৰ পাছতে মুলুং নৱ ফুকনৰ পৰিচালনাত মাঙ্গলিক অনুষ্ঠান সম্পন্ন হয়। দিনটোৰ মূল কাৰ্যসূচীৰ অংশস্বৰূপে আহোম সভাৰ সম্পাদক দিগন্ত ফুকনে আঁত ধৰা মুকলি সভাত বিশিষ্ট চিকিৎসক গৌৰশংকৰ বৰগোহাঁইয়ে “লিট মাইহাং” নামৰ এক স্মৃতিগ্ৰন্থ উন্মোচন কৰে, যি ইন্দ্ৰ গগৈৰ সম্পাদনাত প্ৰকাশিত।
উক্ত সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সচিবালয়ৰ অতিৰিক্ত মুখ্য সচিব বিশ্বজিৎ ফুকন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি, মুম্বাইৰ অসম ভৱনৰ ত্ৰিনয়ন সন্দিকৈ, টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি হেমকান্ত দিহিঙ্গীয়া, সম্পাদক দুৰ্লভ গগৈ, আহোম সভাৰ ডিব্ৰুগড় জিলা সভাপতি ৰঞ্জিত বৰুৱা আৰু অন্য বহু বিশিষ্ট ব্যক্তি।
টাই কৃষ্টি-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অৱদানৰ বাবে ডিব্ৰুগড়ৰ ৰুবী গগৈ সন্দিকৈক “জাছিংফা” বঁটা প্ৰদান কৰা হয়। মুকলি সভাৰ পাছত ৰুবী গগৈ সন্দিকৈৰ পৰিচালনাত নৃত্য, সংগীতজ্ঞ গন্ধেশ্বৰ চমুৱাৰ পৰিচালনাত টাই জাতীয় সংগীত, কেইবাটাও টাই ভাষাৰ গীত আৰু শিল্পী ভূৱন গগৈৰ সংগীত পৰিৱেশনেৰে সমগ্ৰ পৰিবেশ উৎসৱমুখৰ কৰি তোলে।
মে-ডাম-মে-ফী উৎসৱত উপস্থিত ৰাইজৰ আন্তঃসাংস্কৃতিক আৰু ঐতিহ্যৰ প্ৰতি গভীৰ উৎসাহে ডিব্ৰুগড়ৰ এই বিশেষ দিনটোক স্মৰণীয় কৰি তোলে।

