Delhi Election Result 2025: ‘মোৰ কথাত গুৰুত্ব নিদিলে…’, অৰবিন্দ কেজৰিৱালৰ ওপৰত খং আন্না হাজাৰেৰ !

দিল্লী বিধানসভা নিৰ্বাচনত বিজেপি আৰু আম আদমী পাৰ্টিৰ মাজত কঠোৰ প্ৰতিযোগিতা দেখা গৈছে যদিও বৰ্তমানলৈকে ৭০খন আসনৰ ভিতৰত ৪৫খন আসনত বিজেপিয়ে আগবাঢ়ি আছে।(Delhi Election Result 2025) আনহাতে অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিয়ে মাত্ৰ ২৫খন বিধানসভাৰ আসন দখল কৰিবলৈ সক্ষম হৈছে। আনহাতে আপৰ অৰবিন্দ কেজৰিৱা আৰু মনিষ ছিছ’দিয়া পৰাজয় হয়, জয়লাভ কৰে দিল্লীৰ মুখ্য়মন্ত্ৰী আতিশী। এতিয়া কেজৰিৱালক সমালোচনা কৰিছে সমাজ কৰ্মী আন্না হাজাৰে।(Anna hazare)

দিল্লী বিধানসভাৰ নির্বাচনত ভোটগণনাত উত্থাপিত ধাৰাসমূহৰ পৰিপ্রেক্ষিতত কেজৰিৱালক মূল নীতিৰ পৰা আঁতৰিছিল বুলি আন্না হাজাৰে সমালোচনা কৰে৷ তেওঁ ক’লে, ‘মই সদায় কৈ আহিছো যে এজন প্ৰাৰ্থীৰ আচৰণ আৰু তেওঁৰ চিন্তা-চৰ্চা নিৰ্মল হ’ব লাগে। এজন প্ৰাৰ্থীৰ জীৱন ত্যাগবিহীন আৰু দোষবিহীন হ’ব লাগে তেওঁৰ এই গুণবোৰে ভোটাৰক বিশ্বাস কৰায় যে তেওঁ তেওঁলোকৰ বাবে কিবা এটা কৰিব।

ইয়াৰ উপৰিও আন্না হাজাৰে আৰু কয়, ‘মই অৰবিন্দ কেজৰিৱালক এই কথা বহুবাৰ কৈছিলো, কিন্তু তেওঁ গুৰুত্ব নিদিলে। বৰঞ্চ মদৰ ওপৰতহে মনোযোগ কেন্দ্ৰীভূত কৰিলে। কিয় এই বিষয়টো উদ্ভৱ হ’ল? টকাৰ শক্তিয়ে তেওঁক আৱৰি ধৰিলে।

বিধানসভা নিৰ্বাচনৰ ভোটদানৰ সময়ত আন্না হাজাৰেও কেজৰিৱালক লক্ষ্য কৰি লৈছিল। তেওঁ কয় যে প্ৰথম অৱস্থাত কেজৰিৱালৰ উদ্দেশ্য স্পষ্ট আছিল যদিও তেওঁ দল গঠন কৰাৰ লগে লগে তেওঁক পৰিত্যাগ কৰে। তেওঁৰ স্বাৰ্থপৰ বুলি গম পাই মইও তেওঁৰ পৰা আঁতৰি আহিলোঁ।

Related Articles