Monalisa: মহাকুম্ভ ভাইৰেল গাৰ্ল মনালিছা হৈ পৰিল ধনী, এখন চিনেমাৰ বাবে লাভ কৰিলে লাখ লাখ মাচুল!

মহাকুম্ভ ২০২৫ৰ মালা বিক্ৰী কৰা ১৬ বছৰীয়া ভাইৰেল গাৰ্ল মনালিছা বৰ্তমান বাতৰিৰ শিৰোনামত। মনালিছাৰ সৌন্দৰ্য্যৰ কথা সামাজিক মাধ্য়মত ব্যাপক চৰ্চা হয়। চলচ্চিত্ৰৰ অফাৰ পোৱাৰ পিছতে মুকলি হৈছে মনালিছাৰ ভাগ্য। তেওঁক চাবলৈ মানুহৰ মাজত উন্মাদনা। চিনেমাৰ বাবে মনালিছাই কিমান মাচুল লাভ কৰিছে জানেনে-(Monalisa)

মনালিছাৰ চকুৰ সৌন্দৰ্যই মানুহক আকৰ্ষিত কৰে। চলচ্চিত্ৰ পৰিচালক সনোজ মিশ্ৰই ‘মণিপুৰৰ ডায়েৰী’ ছবিখনত অভিনেত্ৰী হিচাপে নিৰ্বাচন কৰিছে মনালিছাক। এখন ছবি পোৱাৰ পিছত মনালিছাৰ চেহেৰা সম্পূৰ্ণৰূপে সলনি হৈছে আৰু ছ’চিয়েল মিডিয়াত তেওঁৰ ছবি ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে।

মহাকুম্ভৰ মালা বিক্ৰী কৰা মনালিছা চকুৰ পলকতে তাৰকা হৈ পৰিছে। খবৰ অনুসৰি ‘মণিপুৰৰ ডায়েৰী’ চিনেমাখনৰ বাবে ছবি পৰিচালকে মনালিছাক ২১ লাখ টকা দিছে। ছবিখনৰ শ্বুটিঙৰ পূৰ্বে মনালিছাই অভিনয়ৰ প্ৰশিক্ষণ লৈছে।

ছবিখন পোৱাৰ পিছত অধিক ধুনীয়া হৈ আহিছে মনালিছা। তেওঁৰ আগৰ ফটো আৰু বৰ্তমানৰ ফটোৰ মাজত যথেষ্ট পাৰ্থক্য আছে। তাইৰ মেকঅভাৰ লুকটো অনুৰাগীয়ে বহুত ভাল পাইছে। মানুহে প্ৰশংসা কৰিছে মনালিছাৰ ভাইৰেল লুকক।

বহু দূৰ-দূৰণিৰ পৰা আহিছে তেওঁক চাবলৈ আৰু চেলফি তুলিবলৈ। মানুহৰ পৰা মনালিছাই বহুত মৰম পাইছে।

Related Articles