Eggs: কণী খালে কলেষ্টৰেল বৃদ্ধি পায় নেকি? প্ৰকৃত কথা জানক…

আজিকালি বেছিভাগ মানুহেই কলেষ্টেৰলৰ সমস্যা সন্মুখীন হয়। উচ্চ কলেষ্টৰেলৰ বাবে হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। কলেষ্টৰেল হৈছে ৰক্তবাহী নলীত জমা হোৱা মামৰ সদৃশ চৰ্বি।(Eggs)যেতিয়া বেয়া কলেষ্টেৰল এল ডি এল বৃদ্ধি পায় তেতিয়া ই ধমনীত বন্ধ হৈ যাব পাৰে, যাৰ বাবে হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ পৰা হাত সাৰিবলৈ কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়।

অতিৰিক্ত চৰ্বি আৰু জাংক ফুড খোৱাৰ দৰে কলেষ্টেৰল বৃদ্ধিৰ বহু কাৰণ থাকিব পাৰে। চৰ্বিযুক্ত খাদ্য খালে কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পায়। বেছিভাগ মানুহেই কণীক চৰ্বিযুক্ত পদাৰ্থ বুলি গণ্য কৰে আৰু সেয়েহে কণী নাখাই, কণী খালে সঁচাকৈয়ে কলেষ্টেৰল বৃদ্ধি পায় নেকি জানো আহক।

নিউট্ৰিয়েণ্টছ আলোচনীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি বেছিভাগ মানুহেই কণীক উচ্চ কলেষ্টেৰলযুক্ত খাদ্য বুলি গণ্য কৰে আৰু সেয়েহে কণীক খাদ্য তালিকাত অন্তৰ্ভুক্ত নকৰে।

বিশ্বাস কৰা হয় যে কণীত থকা কলেষ্টৰেলে আমাৰ শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰিব পাৰে, যাৰ বাবে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ হ’ব পাৰে। ১৯৬৮ চনত আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনে কণী খোৱা কম কৰাৰ পৰামৰ্শ দিছিল যদিও পৰৱৰ্তী অধ্যয়ন আৰু গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে কণীত থকা কলেষ্টৰেল শৰীৰৰ কলেষ্টেৰলৰ সৈতে কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই। এই কাৰণে কণী স্বাস্থ্যৰ বাবে উপকাৰী।

কলেষ্টৰেল ৰোগীয়ে সিজোৱা কণীৰ বগা অংশটো সহজে খাব পাৰে। কণীৰ হালধীয়া অংশ খাব নালাগে। বগা অংশ খালে কলেষ্টেৰল বৃদ্ধি নহয়। একে সময়তে কণী ভাজি খোৱাটোও স্বাস্থ্যৰ বাবে উপকাৰী নহয়। তেলত ভজা কণীয়ে আপোনাৰ কলেষ্টেৰল বৃদ্ধি কৰিব পাৰে।

কণীত প্ৰটিন, ভিটামিন ডি, ভিটামিন বি আৰু এন্টিঅক্সিডেন্ট থাকে যিবোৰ চকু আৰু মগজুৰ বাবে অত্যন্ত উপকাৰী।

Related Articles