Salman Khan: হলিউডত অভিনয় কৰিব ছলমান খানে, অটো’ চালকৰ চৰিত্ৰত অভিনয় কৰিব ভাইজানে; ভিডিঅ’ ভাইৰেল !

শীঘ্ৰে হলিউডত অভিষেক ঘটাব বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে। খবৰ অনুসৰি ২০২১ চনৰ আৰ্জেণ্টিনাৰ ছবি ‘চেভেন ডগছ’ৰ পুনৰ্নিৰ্মাণত তেওঁক বিশেষ কেমিঅ’ কৰা দেখা যাব। চৌদি আৰৱত চলি আছে তেওঁৰ নতুন ছবিৰ শ্বুটিং। অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত চেটৰ পৰা কিছু ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰিছে, য’ত ছলমানক অটোৰিক্সাৰ গেটআপ দেখা গৈছে।(Salman Khan)

ভিডিঅ’টোত তেওঁক খাকী চালকৰ ইউনিফৰ্ম পৰিধান কৰা দেখা গৈছে। তেওঁৰ ভাইৰেল ভিডিঅ’টো চোৱাৰ পিছত জল্পনা-কল্পনা আৰম্ভ যে ছবিখনত তেওঁক এটা সহজ আৰু ডাউন টু আৰ্থ চৰিত্ৰত অভিনয় কৰা দেখা যাব। ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে ছলমানক মুম্বাইৰ সাধাৰণ মানুহৰ ষ্টাইলত চাৰ্ট আৰু ডিঙিত ৰঙা ৰুমাল পিন্ধি দেখা গৈছে।

ছবিখনত তেওঁৰ ভূমিকা কি হ’ব সেই কথা জানিবলৈ অনুৰাগীসকল অতি আগ্ৰহী? তেওঁ দুটা ভূমিকা পালন কৰিছেনে, নে তেওঁৰ চৰিত্ৰটোৱে কিবা এটা পৰিৱৰ্তনৰ মাজেৰে পাৰ হ’ব জানিবলৈ মন দৰ্শকৰ? বৰ্তমান এই ছবিখনৰ সৈতে জড়িত তথ্য আৰু ছলমানৰ ভূমিকা সম্পৰ্কীয় তথ্য প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে এইটো নিশ্চিত যে এই হলিউডৰ প্ৰকল্পটোৱে তেওঁৰ কেৰিয়াৰৰ এক নতুন মাইলৰ খুঁটি হ’ব। এতিয়া ছলমান খানৰ অনুৰাগীসকলে ঈদৰ দিনা মুক্তি লাভ কৰিবলগীয়া ‘চিকান্দৰ’ ছবিখনলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে।

এই একচন ছবিখনৰ পৰিচালনা কৰিছে এ. আৰ. মুৰুগাডোছে কৰি আছে আৰু ছলমানৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব ৰশ্মিকা মাণ্ডন্নাক।

Related Articles