কন্যাৰ বিবাহ উপলক্ষে পিতৃ-মাতৃয়ে বিভিন্ন ধৰণৰ উপহাৰ দিয়ে। (Daughter Wedding)ইয়াৰ ভিতৰত পাকঘৰৰ সামগ্ৰীৰ পৰা আৰম্ভ কৰি ঘৰৰ উপযোগী প্ৰতিটো সৰু সৰু বস্তুলৈকে সকলো দিয়া। কিন্তু অতি কম সংখ্যক লোকেহে জানে যে বিয়াৰত কন্যাক কেতিয়াও কিছুমান বিশেষ বস্তু উপহাৰ দিব নালাগে, কিয়নো এই এনে কৰিলে শহুৰ-শাহুয়েকৰ লগত কন্যাৰ সম্পৰ্ক বেয়া হ’ব আৰু আজীৱন সমস্যাত ভুগিব লাগিব। জানি লওক এই চাৰিটা বস্তু কি কি-
বাস্তু শাস্ত্ৰৰ মতে বিয়াৰ পিছত কন্যাক বিদায়ৰ সময়ত কেতিয়াও বেজী বা চোকা বস্তু দিব নালাগে। এনেবোৰ বস্তুৱে নেতিবাচক শক্তি আনে। ছোৱালী এজনীয়ে যেতিয়া এনে এটা বস্তু লৈ শহুৰেকৰ ঘৰলৈ যায়, তেতিয়া সেই নেতিবাচক শক্তিয়ে তাত নিজৰ প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰে আৰু স্বামী, শাহুৱেক আৰু শহুৰেকৰ সৈতে তাইৰ সম্পৰ্কত তিক্ততা আহিবলৈ ধৰে।
কন্যাৰ বিয়াত পিতৃ-মাতৃয়ে কেতিয়াও চালনী উপহাৰ হিচাপে দিয়া উচিত নহয়। চাহ ষ্ট্ৰেনাৰ আৰু চালনী কেচিয়াও দিব নালাগে। বিশ্বাস কৰা হয় যে চালনী দিলে কন্যাৰ ভৱিষ্যত সম্পৰ্কবোৰ বেয়া হ’বলৈ আৰম্ভ কৰে আৰু অকলশৰীয়া হৈ পৰে। এনে কৰিলে তেওঁৰ বিবাহিত জীৱনটো সমস্য়াৰে ভৰি পৰিব পাৰে।
বাস্তু শাস্ত্ৰৰ মতে বিয়াৰ পিছত কন্যাক ঝাড়ু উপহাৰ দিব নালাগে। কোৱা হয় যে যদি কোনো কন্যাই যৌতুক হিচাপে ঝাড়ু লৈ শহুৰেকৰ ঘৰলৈ যায়, তেন্তে দুৰ্ভাগ্যই দুৱাৰত টোকৰ মাৰে। ইয়াৰ ফলত শহুৰেকৰ ঘৰত আৰ্থিক সমস্যাই নহয়, পৰিয়ালৰ লোকসকলো অসুস্থ হ’বলৈ ধৰে, যাৰ বাবে পৰিয়ালটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত পিছ পৰে।
পৌৰাণিক বিশ্বাস অনুসৰি কন্যাৰ বিদায়ৰ সময়ত ভুলতে হ’লেও আচাৰ দিব নালাগে। আচলতে আচাৰৰ প্ৰকৃতি টেঙা। এনে অৱস্থাত শহুৰেকৰ ঘৰলৈ আচাৰ লৈ গ’লে তাত কন্যাৰ সম্পৰ্ক টেঙা হ’ব পাৰে বুলি বিশ্বাস কৰা হয়। যাৰ বাবে কন্যাই শহুৰেকৰ ঘৰত বিচ্ছিন্নতা আৰু বিবাহিত জীৱনত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

