বৰক্ষেত্ৰীৰ হজযাত্ৰী সকলৰ বাবে এটা সুখবৰ।আজি মুকালমুৱাৰ নিকটৱৰ্তী নাৰায়ণপুৰ গাৱত হজযাত্ৰীৰ বাবে সকলো সা-সুবিধা থকা এটা অত্যাধুনিক হজ ভৱনৰ আধাৰশিলা স্হাপন কৰা হয়।বৰক্ষেত্ৰী অঞ্চলৰ প্ৰায় তিনি শতাধিক হাজী আৰু সহস্ৰাধিক লোকৰ উপস্থিতিত হজ ভৱনৰ আধাৰশিলা স্হাপন কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই। বিশিষ্ট শিক্ষাবিদ, বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ মোবাৰক হুছেইনৰ সভাপতিত্বত এই উদ্দেশ্যে আয়োজন কৰা সভাত বিধায়ক ডেকাই ভাষণত কয় যে ৰাজ্যৰ ৰাজহ বিভাগে আবন্টন দিয়া আঢ়ৈ কঠা মাটিত হজ ভৱন নিৰ্মাণৰ বাবে ইতিমধ্যে ২০ লাখ টকাৰ অনুমোদন দিয়া হৈছে।সভাত বিধায়ক ডেকাই ধৰ্ম অথবা জাতপাতৰ বাবে নহয় কেৱল মাত্ৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থতহে ৰাজনীতি কৰিছে বুলি উল্লেখ কৰে।অহা দুবছৰৰ পিছত পাছত বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ বাহিৰে কোনো এটা কেঁচা ৰাস্তাই নাথাকিব।সকলো পথেই পকীকৰণ কৰা হব।একেখন সভাতেই বিধায়ক ডেকাই বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ দহ গৰাকী গাওবুঢ়াক নলবাৰী জিলা প্ৰশাসনে বিগত গণৰাজ্য দিৱস উপলক্ষে আগবঢ়োৱা বিশেষ মানপত্ৰ প্ৰদান কৰাৰ লগতে নাৰায়ণপুৰ আৰু লাউঠাৰী গাঁৱৰ ৮০ টা দৰিদ্ৰ,ভূমিহীন পৰিয়ালৰ মাজত মাটিৰ পট্টা বিতৰণ কৰে।মাটিৰ পট্টা বিতৰণ কাৰ্যসূচীত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ট্ৰিবেণী গগৈয়ো উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…