international women’s day । বিটিআৰত মহিলাৰ কৰ্মত সমতা, অধিকাৰ আৰু প্ৰতিনিধিত্বৰ দাবীৰে গোসাঁইগাঁওত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদ্যাপন কৰা হয়। ইউপিপিএল মহিলা কোষৰ উদ্যোগত আৰু কোকৰাঝাৰ, গোসাঁইগাঁও আৰু পৰ্বতঝোৰা জিলা সমিতিৰ সহযোগত আয়োজিত এই কাৰ্যসূচীত সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰে।
সাংস্কৃতিক শোভাযাত্ৰা:
গোসাঁইগাঁও চহৰৰ গান্ধী ময়দানত অনুষ্ঠিত বৰ্ণাঢ্য কাৰ্যসূচীৰ অংশস্বৰূপে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা মহিলা সকলে কৰ্মত সমতা, অধিকাৰ আৰু প্ৰতিনিধিত্বৰ দাবীৰে ফেষ্টুন আৰু বেনাৰ লৈ গোসাঁইগাঁও চহৰ পৰিভ্ৰমণ কৰে।
উদ্বোধনী কাৰ্যসূচী:
সকলোৰে উপস্থিতিত ৮:৩০ বজাত ইউপিপিএল মহিলা কোষৰ কেন্দ্ৰীয় কমিটিৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্মই দলীয় পতাকা উত্তোলন কৰে, লগতে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ পতাকা উত্তোলন কৰে বিধায়ক জিৰন বসুমতাৰীয়ে।
বিশেষ কাৰ্যসূচী:
অনুষ্ঠানত মহিলাসকলৰ অধিকাৰৰ প্ৰতি শ্রদ্ধা জ্ঞাপন কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। লগতে বিটিআৰত শান্তি, সমতা আৰু একতাৰ প্ৰতি প্ৰতীকী সংকল্প হিচাপে পাৰ চৰাই আৰু বেলুন মুকলি কৰে কেন্দ্ৰীয় ইউপিপিএলৰ কাৰ্য্যনিৰ্বাহক সমিতিৰ সম্পাদিকা বিনা গয়াৰী আৰু উপ-সভানেত্ৰী বিউটি বসুমতাৰীয়ে।
এই উদ্যাপন বিটিআৰত মহিলাসকলৰ অধিকাৰ আৰু কৰ্মত সমতাৰ প্ৰয়োজনীয়তা সৰ্বসাধাৰণৰ মাজত প্ৰতিস্থাপন কৰাৰ এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

