Anurag Saikia: IIFAৰ শ্ৰেষ্ঠ টাইটেল ট্ৰেকৰ সন্মান লাভ অসম সন্তান অনুৰাগ শইকীয়াৰ

অসম সন্তান অনুৰাগ শইকীয়াই লাভ কৰে IIFAৰ শ্ৰেষ্ঠ ট্ৰেকৰ সন্মান।(Anurag Saikia)

‘Ishq Hai’ গীতটিৰ বাবে অনুৰাগ শইকীয়াই লাভ কৰে IIFAৰ শ্ৰেষ্ঠ টাইটেল ট্ৰেকৰ সন্মান।

মিছমেথছড ছীজন-৩ত আছিল ‘ইস্ক হে’ শীৰ্ষক গীতটি, যাৰ বাবে শোভা ৰিয়েলিটী আইফা ডিজিটেল এৱাৰ্ড লাভ কৰে অনুৰাগে৷

সামাজিক মাধ্যম যোগে অনুৰাগ শইকীয়াক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে শুভেচ্ছা জনাই লিখিছে, “সঁচাকৈয়ে অতি ভাললগা বতৰা যে অসমৰ বহু উজ্জ্বল তাৰকাই বলীউডত এক স্থান লাভ কৰি নিজৰ লগতে আমাৰ ৰাজ্যৰো নাম উজলাইছে৷ অতি প্ৰতিভাৱান সংগীতজ্ঞ শ্ৰীঅনুৰাগ শইকীয়াই বলীউডৰ প্ৰতিষ্ঠিত শিল্পীক পিছ পেলাই মিছমেথছড ছীজন-৩ত ‘ইস্ক হে’ শীৰ্ষক গীতটিৰ বাবে শোভা ৰিয়েলিটী আইফা ডিজিটেল এৱাৰ্ড লাভ কৰিছে৷ এই খবৰে আমাক আহ্লাদিত কৰিছে৷ ন ন সৃষ্টি আৰু স্বপ্ৰতিভাৰে ভৱিষ্যতৰ দিনত তেওঁ আকৌ উজলি উঠক, সেয়াই কামনা কৰিলোঁ৷ অনুৰাগলৈ আন্তৰিক অভিনন্দন৷”

Related Articles