Assam budget: ২০২৫-২৬ বৰ্ষৰ বাজেট আজি অসম বিধানসভাত দাখিল কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। পুৱা ১১.৩০ বজাৰ লগে লগে সদনত বাজেট ভাষণ আৰম্ভ কৰে তেওঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ লক্ষ্য ৰাখি এই বাজেট প্ৰস্তাৱ কৰিছে।
চিকিৎসা মহাবিদ্যালয়ৰ ফেকাল্টিলৈ সুবিধাৰ ক্ষেত্ৰত, ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দিনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৭ৰ পৰা ১৪খনলৈ বৃদ্ধি পাইছে। ফেকাল্টিসকলৰ পদোন্নতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ চৰ্ত পূৰণ সাপেক্ষে Dynamic Assured Career Progression Schemeৰ অধীনত সামৰি লোৱা হ’ব। তদুপৰি, চিকিৎসা মহাবিদ্যালয়সমূহৰ নৱনিযুক্ত ফেকাল্টিসকলক গাড়ী ক্ৰয়ৰ বাবে সূতবিহীন ঋণ আৰু এখন সহজ গৃহ ঋণ আঁচনি শীঘ্ৰে আৰম্ভ হ’ব।
কৰ্কট ৰোগীৰ উন্নত চিকিৎসাৰ বাবে ৰাজ্যিক কৰ্কট প্রতিষ্ঠান, গুৱাহাটীতো পূব ভাৰতৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো প্ৰ’টন থেৰাপী কেন্দ্ৰ স্থাপন কৰা হ’ব, যাৰ মূল্য প্ৰায় ৫৫০ কোটি টকা।
উচ্চ আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত, অসম উচ্চ শিক্ষা পুঁজি যোগান আঁচনিৰ অধীনত বেংকৰ পৰা ঋণ লোৱাৰ সুবিধা থাকিব, য’ত মূল ঋণৰ ২৫% ৰাজ্য চৰকাৰে বহন কৰিব।
ডিব্ৰুগড় পলিটেকনিকক অভিযান্ত্রিক মহাবিদ্যালয়লৈ উন্নীতকৰণ আৰু গুণগত শিক্ষাৰ উপলব্ধতাৰ বিকাশ সাধন কৰাৰ বাবে ২১৮ খন চাহ বাগিচা আদর্শ বিদ্যালয়ৰ ১১৬খন ইতিমধ্যে কার্যক্ষম হোৱাৰ লগতে এই বছৰত ৯৭ খন নতুন আদর্শ বিদ্যালয় মুকলি কৰা হ’ব।
কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক নিৰ্মল শক্তি আৰু পৰিৱেশ পর্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।
নতুন প্রশাসনিক বিভাগৰ অংশ হিচাপে, ষ্টার্টআপ, ইনকিউবেচন আৰু উদ্ভাৱন বিভাগৰ বাবে ৬০ কোটি টকা আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ বাবে ১০০ কোটি টকা ধাৰ্য কৰা হৈছে।
দিল্লীৰ দ্বাৰকাত নতুন অসম ভৱন আৰু মুম্বাইৰ কটন গ্ৰীণত অসম ভৱন নিৰ্মাণৰ ঘোষণা কৰা হৈছে।
সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত, সত্ৰৰ ভকতসকলক ১,৫০০ টকাকৈ মাহে প্ৰদান কৰা হ’ব, বড়ো লোকনৃত্য বাগৰুম্বা আৰু বৰদৈচিকলা প্ৰদৰ্শন কৰা হ’ব, আৰু অসম চৰকাৰে নিজা OTT মঞ্চ গঠন কৰিব।
‘ইউনিটি মল’ স্থাপন কৰিব, য’ত অসমৰ GI টেগযুক্ত সামগ্রীসমূহ প্ৰদৰ্শন কৰা হ’ব।
অসমৰ ঐতিহ্য ক্ষেত্ৰ আৰু নদীৰ দাঁতি কাষৰীয়া অঞ্চলত সৰ্বাংগীন বিকাশৰ বাবে ‘কনচার্ট’ প্ৰকল্পৰ ঘোষণা কৰা হৈছে।
অসমৰ খেলুৱৈসকলৰ বিকাশৰ বাবে ৫০০ জনকৈ খেলুৱৈক অলিম্পিক আৰু উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰশিক্ষণ আৰু সম্পদ যোগান ধৰা হ’ব।
দেশৰ প্ৰথম বাঁহ স্মার্ট চিটি স্থাপন কৰাৰ পৰিকল্পনাও গ্ৰহণ কৰা হৈছে, য’ত সেউজ নির্মাণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব।

