গুৱাহাটী, ১০ মাৰ্চ: Assam budget । অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি অসম বিধানসভাত ২০২৫-২৬ বৰ্ষৰ বাজেট দাখিল কৰে। এই বৰ্ষৰ বাজেটত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে। অসমত মূলধনী ব্যয় ২৪,৯৬৪ কোটি টকালৈ বৃদ্ধি পাইছে আৰু সামগ্ৰিক বাজেট ব্যয় ২৫০% বৃদ্ধি পোৱাৰ তথ্য প্ৰকাশ পাইছে।
বাজেটৰ ১০টা গুৰুত্বপূৰ্ণ ঘোষণা:
১. নিবনুৱা হ্ৰাস:
২০২০ চনত নিবনুৱাৰ সংখ্যা ৯.৯% আছিল, যি ২০২৪ চনত হ্ৰাস পাই ৭.৯% হ’ল।
২. অৰুণোদয় ৩.০ আঁচনি:
হিতাধিকাৰীৰ সংখ্যা ৩৭.০২ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য। এই আঁচনিৰ বাবে ৫০০০ কোটি টকা বেলেগকৈ ৰখা হ’ব।
৩. মহিলা উদ্যোমিতা অভিযান:
মহিলা সকলক ১০,০০০ টকাৰ পূঁজি আগবঢ়োৱাৰ সিদ্ধান্ত। এই আঁচনিৰ বাবে ৩,০৩৮ হাজাৰ কোটি টকা ব্যয় ধাৰ্য।
৪. মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি:
ছাত্ৰীসকলৰ বাবে ৰূপায়ন হোৱা এই আঁচনি ২০২৫-২৬ বিত্তীয় বৰ্ষত ৪ লাখ ৩০ হাজাৰ ছাত্ৰীলৈ সম্প্ৰসাৰণ হ’ব। ইয়াৰ বাবে ৩৯১ কোটি টকা আৱণ্টন।
৫. বিদ্যালয় প্ৰাদেশীকৰণ:
বিশেষ নীতিৰ মাজেৰে টিউটৰসকলক শিক্ষক হিচাপে উন্নীত কৰাৰ প্ৰস্তাৱ।
৬. নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে বিত্তীয় সহায়:
চাকৰি সন্ধান কৰা সময়ছোৱাত স্নাতক শিক্ষাৰ্থীসকলক ২৫০০ টকাকৈ বিত্তীয় সহায় আগবঢ়োৱা হ’ব।
৭. মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান:
এই বছৰ প্ৰথম পৰ্যায়ত অধিক হিতাধিকাৰীক ১ লাখ টকা আগবঢ়োৱা হ’ব। লগতে ৭৫,০০০ নতুন হিতাধিকাৰীক এই আঁচনিৰ অন্তর্ভুক্ত কৰাৰ ঘোষণা।
৮. উচ্চ শিক্ষা পুঁজি যোগান আঁচনি:
HEFAৰ আদৰ্শ অনুসৰি অসম উচ্চ শিক্ষা পুঁজি যোগান আঁচনি মুকলি কৰা হ’ব। শৈক্ষিক প্ৰতিষ্ঠানসমূহে আন্তঃগাঁথনি উন্নয়ন আৰু যন্ত্রপাতি ক্ৰয়ৰ বাবে এই আঁচনিৰ সহায় লাভ কৰিব।
৯. প্ৰ’টন থেৰাপী কেন্দ্ৰ:
কৰ্কট ৰোগী, বিশেষকৈ শিশুসকলৰ চিকিৎসাৰ সুবিধা বৃদ্ধি কৰিবলৈ ৰাজ্যিক কৰ্কট প্রতিষ্ঠান, গুৱাহাটীত পূব ভাৰতৰ প্ৰথমটো প্ৰ’টন থেৰাপী কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ।
১০. বাঁহ স্মাৰ্ট চিটি:
অসমত ভাৰতৰ প্ৰথমখন বাঁহ স্মাৰ্ট চিটি স্থাপন কৰিবলৈ পৰিকল্পনা। সকলো চৰকাৰী গৃহ নিৰ্মাণত বাঁহ-নিৰ্ভৰ সামগ্ৰীৰ ব্যৱহাৰ অগ্ৰাধিকাৰ লাভ কৰিব।
এই বাজেটত শিক্ষা, স্বাস্থ্য়, কৰ্মসংস্থাপন আৰু পৰিৱেশ বান্ধৱ উদ্যোগৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বাজেটক অসমৰ বিকাশৰ অন্যতম দিশ নিৰ্দেশক হিচাপে অভিহিত কৰিছে।

