Assam Budget 2025-26 । অসম বাজেট ২০২৫-২৬: মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণাসমূহ
গুৱাহাটী, ১০ মাৰ্চ: অসম চৰকাৰে ২০২৫-২৬ বৰ্ষৰ ৰাজ্যিক বাজেটত বহুতো নতুন জনকল্যাণমূলক পদক্ষেপৰ ঘোষণা কৰিছে। বাজেটত সাধাৰণ নাগৰিকৰ উপকাৰিতা, শিক্ষা, শক্তি, আৰু সাংস্কৃতিক দিশত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।
বিদ্যুৎ আৰু ৰেচন কাৰ্ডধাৰীসকলৰ বাবে সুখবৰ
- প্ৰতিমাহে ১২০ ইউনিট বিদ্যুৎ খৰচ কৰা গ্ৰাহকক বৃহৎ সকাহ প্ৰদান কৰা হৈছে।
- ১ মে’ৰ পৰা প্ৰতি ইউনিটত ১ টকা হ্ৰাস কৰা হ’ব।
- ৰেচন কাৰ্ডধাৰী সকলৰ বাবে প্ৰতিকিলো মচুৰ দাইল ২৫ টকা, চেনি ২০ টকা, আৰু নিমখ ১০ টকা ধাৰ্য কৰা হৈছে।
ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰত সহায়
- ২৫,০০০টা নামঘৰ-উপাসনা থলীত ৩ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।
- সত্ৰৰ উদাসীন ভকতসকলক মাহে ১,৫০০ টকাকৈ প্ৰদান কৰাৰ ঘোষণা।
শিক্ষা আৰু সাহিত্য ক্ষেত্ৰত সহায়
- এহেজাৰ যুৱ লেখক-লেখিকাক ২৫,০০০ টকাৰ এককালীন বিত্তীয় সহায় আগবঢ়োৱা হ’ব।
পৰিকাঠামো উন্নয়ন আৰু চৰকাৰী উদ্যোগ
- ডিব্ৰুগড়ত নতুন অসম বিধানসভা ভৱন আৰু বিধায়ক আৱাস স্থাপনৰ ঘোষণা।
- দিল্লী আৰু মুম্বাইত নতুন অসম ভৱন স্থাপনৰ প্ৰস্তাৱ।
অতিৰিক্ত পদক্ষেপসমূহ
- গাঁও প্ৰধানৰ দৰমহা ১৪ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব।
অসম চৰকাৰে এই বাজেটৰ জৰিয়তে সাধাৰণ জনগণ, বিদ্যুৎ গ্ৰাহক, গাঁও প্ৰধান, লেখক, আৰু ধৰ্মীয় প্রতিষ্ঠানসকলৰ বাবে গুৰুত্বপূৰ্ণ সহায় আগবঢ়াই ।