Bihu workshop 2025: কেন্দ্ৰীয় যোগাযোগ ব্যুৰো, গুৱাহাটীৰ উদ্যোগত অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য উদযাপনৰ অৰ্থে ৫ দিনীয়া বিহু কৰ্মশালা মুকলি

কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত বিহু বিষয়ক পাঁচদিনীয়া কৰ্মশালাৰ আৰম্ভ কৰা হৈছে।(Bihu workshop 2025) এই কৰ্মশালাত অসমৰ প্ৰাণৱন্ত তথা হেঁপাহৰ উৎসৱটিৰ সাৰমৰ্মক প্ৰকৃতাৰ্থত উদযাপন কৰাৰ প্ৰয়াস চলোৱা হৈছে। বিহু নৃত্য-সংগীতৰ চহকী পৰম্পৰাক প্ৰচাৰ কৰি, যুৱক-যুৱতীৰ লগতে সকলোৰে মাজত সাংস্কৃতিক সচেতনতা বৃদ্ধি কৰাটোৱেই এই কৰ্মশালাৰ উদ্দেশ্য।

পাঁচদিনীয়া কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত প্ৰসাৰ ভাৰতী (উত্তৰ-পূব মণ্ডল)ৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী আশীষ ভাটনগৰ আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় (উত্তৰ-পূব মণ্ডল)ৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী কৃপা শংকৰ যাদৱৰ লগতে অন্যান্য সন্মানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।বিহু বিষয়ে বাখ্যা কৰি শ্ৰী আশীষ ভাটনগৰে কয়, “বিহু কেৱল উৎসৱ বা নৃত্যৰ ৰূপ নহয়-ই আমাৰ সমাজৰ সজীৱ মনোভাৱ আৰু ঐক্যক মূৰ্ত কৰি তুলিছে।বিহু নৃত্যৰ শক্তিশালী ছন্দৰ জৰিয়তে আমি এক সামূহিক শক্তি লাভ কৰোঁ, যিয়ে আমাৰ মনত একত্ৰিত হোৱাৰ ভাৱ আৰু সাংস্কৃতিক গৌৰৱক শক্তিশালী কৰি তোলে।” শ্ৰী ভাটনগৰে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসংগীত আৰু নৃত্য সন্দৰ্ভতো অন্তৰ্দৃষ্টিসম্পন্ন বক্তব্য আগবঢ়ায় । তেওঁ অসমক উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ হিচাপে অভিহিত কৰে।


আজিৰ কৰ্মশালা মুকলিৰ দিনটোত প্ৰায় ১০০ গৰাকী অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় যোগাযোগ ব্যুৰো, প্ৰেছ ইনফৰমেছন ব্যুৰো আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলেও কৰ্মশালাত যোগদান কৰে। এই কথাই কৰ্মশালাখনৰ প্ৰতি যুৱক-যুৱতীসকলৰ প্ৰবল আগ্ৰহৰ কথাই প্ৰতিফলিত কৰে।৭ এপ্ৰিলৰ পৰা ১১ এপ্ৰিল, ২০২৫ লৈ চলিবলগীয়া এই কৰ্মশালাখন নিতৌ পুৱা ১০:৩০ বজাৰ পৰা ১:০০ বজালৈ অনুষ্ঠিত হ’ব। কৰ্মশালাখানত সম্পূৰ্ণ বিনামূলীয়াকৈ অংশগ্ৰহণ কৰিব পৰা যাব এয়া সকলো জনসাধাৰণৰ বাবে মুকলি। অহা ১১ এপ্ৰিলত কৰ্মশালাৰ সামৰণি পৰ্বত অংশগ্ৰহণকাৰীসকলৰ দ্বাৰা বিহু প্ৰদৰ্শনৰ লগতে গ্ৰেণ্ড ফাইনেল অনুষ্ঠিত কৰা হ’ব।


এই পদক্ষেপৰ জৰিয়তে চিবিচি গুৱাহাটীয়ে অসমৰ সাংস্কৃতিক সজীৱতাক উদযাপন কৰাৰ লগতে ইয়াৰ বৃদ্ধিৰ প্ৰয়াস কৰিছে৷ বিহুৰ ঐতিহ্য যাতে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰবাহিত হৈ থাকে সেই উদ্দেশ্যেই এনে কৰ্মশালাৰ আয়োজন কৰা হৈছে৷

Related Articles