Gamosa: থলুৱা ফুলাম বিহুৱানেৰে ৰাজ্যৰ বিভিন্নজনক ৰঙালী শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

অসমৰ থলুৱা শিপিনীয়ে বৈ উলিওৱা ফুলাম বিহুৱানেৰে ৰঙালী বিহুৰ শুভেচ্ছা জনোৱা হ’ল ৰাজ্যৰ বিভিন্নজনক৷ (Gamosa)

মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰদান কৰা হয় এই বিহুৱান৷

য’ত ৰাজ্যৰ ৫,৬৪,৮১১গৰাকী শিপিনী লাভাম্বিত হয় বুলি সামাজিক মাধ্যমত উল্লেখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷

তেওঁ সামাজিক মাধ্যমত উল্লেখ কৰে যে, ‘ৰাজ্যৰ বিভিন্নজনলৈ আমাৰ থলুৱা শিপিনীয়ে মৰমৰ দীঘেৰে আৰু চেনেহৰ বাণীৰে বোৱা একোখনিকৈ ফুলাম বিহুৱানেৰে ৰঙালী বিহুৰ শুভেচ্ছা জনাবলৈ পাই আনন্দিত হৈছোঁ। আমাৰ এই প্ৰচেষ্টাত জড়িত হৈছে ৰাজ্যৰ ৫,৬৪,৮১১গৰাকী থলুৱা স্বনিৰ্ভৰ শিপিনীৰ শ্ৰম। তেখেতসকলৰ এই শ্ৰমক আমি অন্তৰেৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷’

৭ লাখ ৭৩ হাজাৰ ব্যক্তিলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব বিহুৱান। ইতিমধ্যে শিপিনীসকলৰ পৰা ক্ৰয় • কৰা হৈছে ৯,২৫,০১০ খন গামোচা।

Related Articles