পাকিস্তানৰ পৰা ভাৰতলৈ অহা সীমা হাইদৰ উভতি যাব নেকি পাকিস্তানলৈ! কেৱল ২৪ ঘন্টাৰ ভিতৰত ভাৰত এৰিব লাগিব সকলো পাকিস্তানীয়ে। বাতিল কৰা হৈছে পাকিস্তানী নাগৰিকৰ সকলো ভিছা। সামাজিক মাধ্যমত চৰ্চালৈ আহিছে সীমা হাইদৰ।(Seema Haider)
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পুনৰবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে সীমা হাইদৰে। পাকিস্তানৰ সীমা হাইদৰে ২০২৩ চনৰ মে’ মাহত নেপাল হৈ অবৈধভাৱে ভাৰতলৈ আহিছিল।মানুহে তেওঁক পাকিস্তানলৈ পঠিয়াবলৈ দাবী জনাইছে।
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন পৰ্যটকৰ মৃত্যুৰ পিছত ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে এটা ডাঙৰ আৰু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি সাৰ্কৰ ভিছা ৰেহাই নীতিৰ অধীনত পাকিস্তানী নাগৰিকক দিয়া সুবিধাৰ অন্ত পেলাইছে। এই সিদ্ধান্ত অনুসৰি এতিয়া এই ৰেহাইৰ অধীনত পাকিস্তানী নাগৰিকে ভাৰতলৈ আহিব নোৱাৰিব। আনহাতে, যিসকল পাকিস্তানী নাগৰিক যিসকল ইতিমধ্যে এই সুবিধাৰ অধীনত ভাৰতত উপস্থিত আছে। এসপ্তাহৰ ভিতৰতে তেওঁলোকক দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে। এই সিদ্ধান্তৰ পিছত পুনৰবাৰ বাতৰিৰ মাজলৈ আহিছে সীমা হাইদৰ।
ইয়াৰ পূৰ্বেও ছ’চিয়েল মিডিয়াৰ পৰা নিউজ চেনেললৈকে সীমা হাইদৰৰ এই কাহিনীয়ে শিৰোনাম দখল কৰিছিল। অনলাইন গেম PUBG ৰ জৰিয়তে গ্ৰেটাৰ নয়ডাৰ বাসিন্দা শচীন মীনাৰ সৈতে সংযোগ স্থাপন কৰিছিল আৰু দুয়োৰে প্ৰেমত পৰিছিল। ইয়াৰ পিছত সীমা চাৰিটা সন্তানৰ সৈতে ভাৰতলৈ আহিছিল। এতিয়া তাই নয়ডাত শচীনৰ লগত থাকে আৰু শেহতীয়াকৈ দুয়োৰে এটা সন্তানো হৈছে।
চৰকাৰৰ শেহতীয়া সিদ্ধান্তৰ পিছতে এই প্রশ্ন উত্থাপন হৈছে যে সীমা হাইদৰৰ ওপৰত ইয়াৰ প্রভাৱ পৰিবনে? অৱশ্যে আৰক্ষী বিশেষজ্ঞৰ মতে প্ৰত্যক্ষ প্ৰভাৱ নপৰে। কাৰণ সীমা ভিছাৰ জৰিয়তে ভাৰতলৈ অহা নাছিল, বৰঞ্চ সীমান্ত পাৰ হৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। তেওঁৰ বিৰুদ্ধে গোচৰ আদালতত বিচাৰাধীন হৈ আছে আৰু আদালতে সিদ্ধান্ত নিদিয়ালৈকে তেওঁক দেশৰ পৰা বিতাড়িত কৰিব নোৱাৰিব। এই সন্দৰ্ভত জেৱাৰ কোতৱালি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰাও আইনী মতামত বিচৰা হৈছে।
পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ ছবছৰৰ পাছত আকৌ এবাৰ নিৰীহ লোকৰ সৈতে তেজৰ খেলিলে ভূ-স্বৰ্গত।
সোমবাৰলৈকে সেউজীয়া হৈ থকা ঠাখনত মঙলবাৰে বিয়লি তেজেৰে ৰঙা হৈ পৰে। সকলোতে নিৰীহ লোকৰ মৃতদেহ পৰি আছিল আৰু কান্দি কান্দি কাষতে ৰৈছিল পৰিয়ালৰ সদস্যসকল।