Salim Merchant: মুছলমান হিচাপে আজি মই লজ্জিত, ইছলামে হিংসাক সহ্য নকৰে; এয়া ইছলামৰ শিক্ষা নহয়ঃ চেলিম মাৰ্চেণ্ট

পহলগামত হিন্দু পৰ্যটকক বাচি বাচি গুলী চলোৱা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে প্ৰখ্যাত সংগীত শিল্পী চেলিম মাৰ্চেণ্ট। তেওঁৰ স্পষ্ট কথা, “মই মুছলমান হিচাপে লাজ পাওঁ।”(Salim Merchant)

ৰক্তাক্ত পহলগাম। যোৱা মঙলবাৰে বিয়লি সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ মাজতে বিস্ফোৰণ ঘটিছিল বন্দুকৰ গুলী। নিৰীহ পৰ্যটকৰ তেজেৰে ৰঙা হৈ পৰিল বৈষৰণ উপত্যকা। কিন্তু দূৰৰ পৰা গুলী চলোৱা নহয়। পুৰুষ পৰ্যটকক তেওঁলোকৰ ধৰ্মীয় পৰিচয়ৰ ওপৰত ভিত্তি কৰি, হিচাপ-নিকাচ কৰি হত্যা কৰা হয়।

এই ঘটনাৰ পিছৰে পৰা সমগ্ৰ দেশ অস্থিৰ হৈ পৰিছে। কোনো কোনোৱে প্ৰতিশোধ বিচাৰিছে। বলীউডৰ তাৰকাও এই প্ৰতিবাদত যোগদান কৰিছে। হিন্দু পৰ্যটকৰ বাছনিমূলক হত্যাকাণ্ডত ক্ষুব্ধ হৈ পৰিছে প্ৰখ্যাত সংগীত শিল্পী চেলিম মাৰ্চেণ্ট। তেওঁৰ স্পষ্ট কথা, “মই মুছলমান হিচাপে লাজ পাওঁ।”

এই ঘটনাৰ পিছৰে পৰা বহুতে বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে মাত মাতিছে। কিছুমানে ‘ধৰ্মনিৰপেক্ষতা’ক লৈ প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় ধৰ্মনিৰপেক্ষতাৰ সপক্ষে মাত মাতি আহিছে। এই কাণ্ডৰ পিছত ক্ষুব্ধ সংগীতজ্ঞজনে কোৰআনৰ চুৰা আল-বাকাৰাহৰ উদ্ধৃতি দি কয় যে ইছলামে হিংসাক সহ্য নকৰে। এয়া ইছলামৰ শিক্ষা নহয়। মোৰ হিন্দু ভাইসকলক তেওঁলোকৰ ধৰ্মীয় পৰিচয়ৰ ভিত্তিত হত্যা কৰা দেখিলোঁ, আৰু মুছলমান হ’বলৈ লাজ লাগে। এই হিংসা কেতিয়া বন্ধ হ’ব? কাশ্মীৰ সঁচাকৈয়ে নৰকত পৰিণত হৈছে। মোৰ ভিতৰৰ খংটো কেনেকৈ ধৰি ৰাখিব নাজানো!” চেলিমে নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Related Articles