পাকিস্তানৰ বিৰুদ্ধে ভাৰতে সম্প্ৰতি সামৰিক শক্তিৰে যুদ্ধ নকৰি কূটনৈতিক যুদ্ধ আৰম্ভ কৰিছে৷(Pahalgam terror attack)শেহতীয়াকৈ পেহলগামৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত চ্ছজন লোকৰ প্ৰাণহানি হোৱাৰ পিছতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ভাৰত চৰকাৰে৷ ভাৰতে পাকিস্তানী নাগৰিকৰ বাবে ভিছা সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে, যিটো তৎক্ষণাৎ কাৰ্যকৰী হ’ব৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এক বিবৃতিত কয়- ‘পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীয়ে লোৱা সিদ্ধান্তৰ ধাৰাবাহিকতাৰে ভাৰত চৰকাৰে পাকিস্তানী নাগৰিকৰ ভিছা সেৱা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷’ বিবৃতিটোত লগতে কোৱা হৈছে- ‘ভাৰতে পাকিস্তানী নাগৰিকক প্ৰদান কৰা বৰ্তমানৰ সকলো বৈধ ভিছা ২০২৫ চনৰ ২৭ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হৈছে৷
পাকিস্তানী নাগৰিকক প্ৰদান কৰা মেডিকেল ভিছা ২০২৫ চনৰ ২৯ এপ্ৰিললৈকেহে বৈধ হ’ব৷’ ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বৰ্তমান ভাৰতত থকা সকলো পাকিস্তানী নাগৰিকে ভিছাৰ ম্যাদ উকলি যোৱাৰ আগতেই ভাৰত এৰিব লাগিব, যিটো এতিয়া সংশোধন কৰা হৈছে৷ ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ভাৰতীয় নাগৰিকসকলক পৰাপক্ষত পাকিস্তান ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে৷ বৰ্তমান পাকিস্তানত থকা ভাৰতীয় নাগৰিকসকলকো অতি সোনকালে ভাৰতলৈ উভতি আহিবলৈ পৰামৰ্শ দিছে মন্ত্ৰণালয়ে৷ মঙলবাৰে পেহেলগামৰ বৈছাৰণ ঘাঁহনিত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত আক্ৰমণ চলাই ২৫গৰাকী ভাৰতীয় আৰু এজন নেপালী নাগৰিকক হত্যা কৰে৷ এই আক্ৰমণত আন কেইবাজনো লোক আহত হয়৷ ২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পিছত উপত্যকাটোত সংঘটিত হোৱা অন্যতম ভয়াৱহ এই আক্ৰমণ৷
পুলৱামাৰ আক্ৰমণত শ্বহীদ হৈছিল দেশৰ ৪০গৰাকীকৈ চি আৰ পি এফৰ জোৱান৷ এই আক্ৰমণৰ পিছতে ভাৰতে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ বাবে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত চি চি এছৰ বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ভাৰতে ১৯৬০ চনৰ সিন্ধু জল চুক্তি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ লগতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰি দিয়া হয় ৱাঘা-আটাৰী সীমান্তৰ দুৱাৰ৷ ভাৰতে পাকিস্তানী উচ্ছায়ুক্তৰ বিষয়াসকলকো ‘পাৰ্চোনা নন গ্ৰাটা’ বুলি ঘোষণা কৰি এসপ্তাহৰ ভিতৰত ভাৰত এৰি যোৱাৰ নিৰ্দেশ প্ৰদান কৰে৷ তদুপৰি দেশখনে ছাৰ্ক ভিছা ৰেহাই আঁচনিৰ অধীনত প্ৰদান কৰা যিকোনো ভিছা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি পাকিস্তানী নাগৰিকক ৪৮ ঘণ্টাৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিয়ে৷