পহলগাম আক্ৰমণ সমগ্ৰ দেশৰ বাবে এক ডাঙৰ জোকাৰণিতকৈ কম নহয়। এই আক্ৰমণত দেশৰ বিভিন্ন কোণৰ লোকে নিজৰ আপোনজনক হেৰুৱাইছে। ইফালে, ২০২৪ চনত ৯ বছৰৰ পাছত উঠাই লোৱা ভাৰতীয় চলচ্চিত্ৰ জগতত পাকিস্তানী শিল্পীৰ ওপৰত নিষেধাজ্ঞাৰ দাবী পুনৰবাৰ উত্থাপন কৰিছে FWICE-এ।(Pakistani Artists)
২০১৬ চনত উৰি আক্ৰমণ, ২০১৯ চনত পুলৱামা আক্ৰমণ আৰু এতিয়া ২০২৫ চনত পহলগামত আক্ৰমণ… এই আক্ৰমণে দেশৰ যথেষ্ট ক্ষতিসাধন কৰিছে। এনে ঘাঁ দেশৰ বুকুত লগাইছে যিবোৰ কেতিয়াও ভাল নহয় আৰু ভৱিষ্যতেও কেতিয়াও ভাল নহ’ব। কাৰণ এই আক্ৰমণত কোনোবাই নিজৰ ভাতৃ, পুত্ৰ, স্বামী আৰু পিতৃক হেৰুৱাইছে। এই আক্ৰমণে দেশৰ কেৱল এটা অঞ্চলৰেই নহয়, আপোনজনক হেৰুৱাই পেলোৱা বিভিন্নৰ হৃদয় বিন্ধিছে।
শেহতীয়াকৈ ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ পিছত সমগ্ৰ দেশে এই আক্ৰমণক গৰিহণা দিয়াৰ লগতে ইয়াৰ উপযুক্ত উত্তৰৰ দাবী জনাইছে। ইফালে, ফেডাৰেচন অৱ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লয়িজৰ সাধাৰণ সম্পাদক অশোক ডুবেই ভাৰতত পাকিস্তানী শিল্পীক সম্পূৰ্ণ নিষিদ্ধ কৰাৰ দাবী জনাইছে। এএনআইৰ সৈতে কথা পাতি তেওঁ কয় যে দেশৰ নিৰাপত্তাৰ কথা আহিলে জাতিটোৱেই প্ৰথম।
FWICE General Secretary calls for complete ban on Pakistani artists after Pahalgam terror attack
— ANI Digital (@ani_digital) April 25, 2025
Read @ANI Story | https://t.co/z4LayNx5og#Pahalgamterrorattack #pakistaniartist #FWICE pic.twitter.com/FMxqmF5COz
তেওঁ পহলগাম আক্ৰমণক লজ্জাজনক আখ্যা দিয়ে। অশোক ডুবেই কয় যে যদিহে FWICE ৰ কোনো সদস্যই পাকিস্তানী শিল্পী বা কাৰিকৰী বিদ্যাবিদৰ সৈতে কাম কৰা দেখা যায় তেন্তে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু তেওঁক উদ্যোগটোত কাম কৰাত বাধা দিয়া হ’ব। তেওঁ কয় যে এই প্ৰস্তাৱিত নিষেধাজ্ঞা কাৰ্যকৰী কৰিবলৈ সংশ্লিষ্ট সকলো চলচ্চিত্ৰ সংঘলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে যাতে প্ৰতিটো স্তৰতে ইয়াক পালন কৰা হয়।
লগতে তেওঁ কয় যে এয়া কেৱল সংগঠনটোৰ আৱেগ নহয় সমগ্ৰ দেশৰ আৱেগ। FWICE-এ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীলৈও এখন পত্ৰ লিখিছে, য’ত তেওঁলোকে আবেদন জনাইছে যে যদি কোনো ভাৰতীয় শিল্পীয়ে পাকিস্তানী শিল্পীৰ সৈতে কাম কৰে তেন্তে তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিব লাগে। অশোকে কয়, ‘আমি বিচাৰো চৰকাৰে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰক যাতে আন কোনোবাই পুনৰ এই কাম কৰাৰ আগতে ১০০০ বাৰ চিন্তা কৰিব। এয়া দেশৰ নিৰাপত্তা আৰু সন্মানৰ বিষয়।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি পাকিস্তানী অভিনেতা ফাৱাদ খানৰ আগন্তুক ছবি ‘আবিৰ গুলাল’ ভাৰতত মুক্তিৰ অনুমতি দিয়া নহ’ব। ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অশোক ডুবেই কয় যে FWICE এ ইতিমধ্যে ছবিখনৰ প্ৰযোজক বিবেক আগৰৱালাৰ সৈতে যোগাযোগ কৰি ছবিখনৰ মুক্তি বন্ধ কৰিবলৈ দাবী জনাইছে। তেওঁ কয় যে যদি ছবিখন মুক্তি পায় তেন্তে FWICE-এ ইয়াৰ সৈতে জড়িত প্ৰতিজন সদস্যৰ সৈতে সহযোগিতা কৰা বন্ধ কৰিব।